ASSAM TIMES POST,বোকাখাতঃ বানাক্ৰান্তৰ কাষত গোলাঘাট জিলাৰ অধিবিদ্যা পৰিষদ৷ চলিত বানত ৰাজ্যৰ লগতে বোকাখাত মহকুমা বিস্তৰ ক্ষতি সাধন হয়৷ বহুতৰ ঘৰ-দুৱাৰ, আচবাব আদি বানে উটুৱাই নিয়াৰ লগতে ভঁৰালত থকা ধানো নষ্ট কৰি অধিক ক্ষতি সাধন কৰে৷ পানী শুকোৱাৰ পাছত আশ্ৰয় শিবিৰৰ পৰা নিজৰ আপোন ঘৰখনলৈ উভতি গৈ বানাক্ৰান্ত ৰাইজে নিজৰ ঘৰৰ অৱস্থা দেখি মূৰে কপালে হাত দিছে৷ আশ্ৰয় শিবিৰত সাহায্য লাভ কৰিছিল যদিও ঘৰখনলৈ উভতি আহি এতিয়া অন্ধকাৰ দেখিছে৷ অন্ন, বস্ত্ৰ আৰু আশ্ৰয়ৰ বাবে এক বিৰাট সমুখ সমৰ! তেনে সময়তে গোলাঘাট জিলাৰ অধিবিদ্যা পৰিষদৰ সদস্য উপস্থিত হ’ল বানাক্ৰান্তৰ কাষত৷ বোকাখাত মহকুমাৰ অন্তৰ্গত ডিফলুপথাৰ ৰজাগাঁৱৰ বানে জুৰুলা কৰা অতি দৰিদ্ৰ ৪০ টা পৰিয়ালক অধিবিদ্যা পৰিষদৰ হৈ গোলাঘাট জিলাৰ বৰপথাৰ আৰু সৰুপথাৰৰ গেলাবিল জি বি হাইস্কুল, বাৰমুখীয়া হাইস্কুল, টেঙাহোলা হাইস্কুল আৰু পিলিবৰা হালদিবাৰী হাইস্কুলৰ প্ৰধান শিক্ষক ক্ৰমে দিলীপ কুমাৰ শৰ্মা, জিতেন শইকীয়া, ভোগেশ্বৰ গগৈ আৰু দ্বিপেন হাজৰিকাই গোলাঘাট জিলা অধিবিদ্যা পৰিষদৰ হৈ ডিফলুপথাৰ ৰজাগাঁৱৰ সৰু খেলৰ ৪০ টা পৰিয়ালৰ মাজত বিভিন্ন খাদ্য সামগ্ৰীৰ লগতে ফেনাইল, ব্লিচিং পাউদাৰ, চাবোন, গাখীৰৰ পেকেট, মহ খেদোৱা কইল, ধূপ আদি বিতৰণ কৰে ৷ বান সাহায্য বিতৰণ অনুষ্ঠানত প্ৰধান শিক্ষকসকলৰ লগতে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ উপ-সভানেত্ৰী সূৱৰ্ণ শইকীয়া বৰদলৈ, ডিব্ৰুগড়ৰ সমাজ সেৱিকা লাকি চাংকাকতি, প্ৰতিদিন টাইমৰ বোকাখাতৰ সাংবাদিক দিব্যজ্যোতি হাজৰিকা উপস্থিত থাকে৷ গোলাঘাট জিলা অধিবিদ্যা পৰিষদৰ হৈ বৰপথাৰ-সৰুপথাৰৰ প্ৰধান শিক্ষক সকলৰ এনে মহানুভৱতাৰ স্থানীয় ৰাইজে শলাগ লৈছে।













