ASSAM TIMES POST
সোনোৱালৰ বাবে অসমবাসী আপোন নহয়, অবৈধ বাংলাদেশীহে তেওঁৰ বুকুৰ কুটুম :সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য
‘খেলো ইণ্ডিয়া, ভাগো মোদী‘ : পলাশ চাংমাই
মোৰ আইক ভাল পাবলৈ নৰেন্দ্ৰ মোদী, অমিত, সোনোৱাল– হিমন্তৰ অনুমতি নালাগে : লুৰিণজ্যোতি গগৈ
নগাঁও : ইতিহাস প্ৰসিদ্ধ ৰজা খেদা নগঞাৰ আহ্বানত আজি নগাঁও চহৰৰ ঐতিহ্যমণ্ডিত কলঙৰ বাকৰিৰ নেহৰুবালিত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে এক বিশাল প্ৰতিবাদী গণ সমাৱেশ অনুষ্ঠিত হয়। আজি পুৱাৰে পৰা নেহৰুবালিত জিলাখনৰ বিভিন্ন প্ৰান্তৰ অগণিত জনতা সমবেত হয়। আজিৰ এই সমাৱেশত নগাঁও চহৰকে ধৰি ইয়াৰ পাশ্ববৰ্তী অঞ্চলৰ ব্যৱসায়ী সকলে নিজৰ নিজৰ ব্যৱসায় প্ৰতিষ্ঠান বন্ধ কৰি প্ৰতিবাদী কাৰ্যসূচীতুঢ অংশগ্ৰহণ কৰে। আনকি, চৰকাৰী কৰ্মচাৰী সকলেও এই কাৰ্যসূচীত অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় ।

হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰা সভাৰ আৰম্ভণিতে গণ শিল্পী সূৰ্য দাসে বিপ্লৱী গীত পৰিৱেশন কৰি ৰাইজক ‘কা’ বিৰোধী আন্দোলনত জৰিত হ’বলৈ আহ্বান জনায় । সদৌ নগাঁও জিলা ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতি, বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠন, লেখক, সাংবাদিক, চিকিৎসক, অধিবক্তা আদিৰ সহযোগত অনুষ্ঠিত এই বিশাল প্ৰতিবাদী সভাত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয় যে অসম চুক্তিক উলংঘন , অসমৰ খিলঞ্জীয়া লোকৰ অস্তিত্ব আৰু আবেগ অনুভূতি উলাই কৰি জাতিধ্বংসী ‘কা’ ৰ প্ৰতি নিচৰ্ত সমৰ্থন জনাই অসমবাসীৰ ওচৰত অক্ষমনীয় অপৰাধ কৰিছে।

অসম আন্দোলনৰ ৮৫৫ জন শ্বহীদ আৰু বৰ্তমানৰ ‘কা’বিৰোধী আন্দোলনৰ ছজন শ্বহীদক পাহৰি সোনোৱালে অসমবাসীৰ হৃদয়ৰ স্পন্দন বুজি পোৱাত ব্যৰ্থ হৈছে। আজি সোনোৱালৰ বাবে অসমবাসী আপোন নহয়, অবৈধ বাংলাদেশীহে তেওঁৰ বুকুৰ কুটুম। এনে হীনকাম কৰি তেওঁ নিজে অকলশৰীয়া হৈ পৰিছে। অসমৰ ৰাইজে তেওঁক কেতিয়াও ক্ষমা নকৰে। নিজৰ স্বভাৱ সুলভ ভঙ্গীমাৰে ভাষণৰ আৰম্ভণিতে ‘হো হো, হো হা’ ধ্বনি দি ড: ভট্টাচাৰ্যই কয় যে দিল্লী দিছপুৰে এই ধ্বনি বেয়া পায়। কিন্তু ইয়াৰ মাজত আছে আমাৰ থলুৱাৰ আবেগ আৰু সম্প্ৰীতি। ই হৈছে আমাৰ প্ৰেৰণা, উদ্যম আৰু সাহসৰ উৎস।
‘কা’ সাম্প্ৰদায়িক আৰু সংবিধান বিৰোধী বুলি উল্লেখ কৰি ডঃ ভট্টাচাৰ্যই আৰু কয় যে নেহৰুবালিৰ এই বিশাল জনতাৰ আদালতে অসম বিৰোধী এই আইনখন সম্পূৰ্ণ ৰূপে অগ্ৰাহ্য কৰিছে। ১৯৭১ চনৰ পৰা ২০১৪ চনলৈকে হিন্দু বিদেশীক নাগৰিকত্ব দিবলৈ ওলোৱা বিজেপি চৰকাৰৰ সাম্প্ৰদায়িক পদক্ষেপক কোনো কাৰণতেই মানি লোৱা নহ’ব। দিল্লীয়ে উত্তৰ-পূৰ্বাঞ্চলক ভাগ ভাগ কৰিব বিচাৰিছে।
কিন্ত্ত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাইজৰ ঐক্যবদ্ধ শক্তিয়ে এই কথা বুজাই দিছে যে দিল্লীৰ বিভাজনৰ ৰাজনীতি উত্তৰ-পূৰ্বাঞ্চলৰ মানুহে ওফৰাই দিছে। বিজেপি চৰকাৰে এতিয়া প্ৰলোভনৰ ৰাজনীতি আৰম্ভ কৰিছে বুলি উল্লেখ কৰি ডঃ ভট্টাচাৰ্যই কয় যে চৰকাৰে এতিয়া ৰাইজৰ আন্দোলনক লৈ ভয় খাইছে। শিল্পী-সাহিত্যিকক ধন দিব বিচাৰিছে। কিন্তু আমাৰ শিল্পী-সাহিত্যিকে টকাও লব আৰু আন্দোলনো কৰিব। চৰকাৰে ভাৱিছিল আমাৰ এই আন্দোলন চাৰি/পাঁচ দিনতে শেষ হ’ব। ইয়াৰ বিপৰীতে জাঙুৰ খাই উঠিছে কা’ বিৰোধী অসমবাসী।
অসমত ‘কা’ বিৰোধী আন্দোলন ব্যাপক হোৱা দেখি এতিয়া চৰকাৰে ভয় খাই নতুন নতুন আঁচনি ঘোষণা কৰিবলৈ লৈছে। চৰকাৰৰ এজন প্ৰভাৱশালী মন্ত্ৰীয়ে কৈছে যে অসমত মাত্ৰ ৫ লাখ হিন্দু বিদেশীয়ে নাগৰিকত্ব পাব। তেওঁ এই তথ্য ক’ত পালে বুলি প্ৰশ্ন উত্থাপন কৰি ডঃ ভট্টাচাৰ্যই কয় যে আমি হিন্দুয়েই হওক বা মুছলমানেই হওক ১৯৭১ চনৰ পিছত অহা এজনো বিদেশীক অসমত মানি নলও। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে মই কি ভুল কৰিলোঁ বুলি কোৱা মন্তব্যৰ আঁত ধৰি ডঃ ভট্টাচাৰ্যই সৰ্বানন্দ,সোনোৱালে কৰা ভুলসমুহৰ প্ৰতিটোৰ ব্যাখ্যা দাঙি ধৰি কয় যে ‘কা’ মানি লোৱাটো তেওঁৰ প্ৰথম ভুল।
মুখ্যমন্ত্ৰীয়ে কৰা আন ভুল সমূহ হৈছে – ‘কা’ আন্দোলনত জৰিত পাঁচজন নিৰীহক গুলিয়াই হত্যা কৰা, সীমান্ত ছীল কৰিব নোৱাৰাটো, ২০১৪ চনৰ ৩১ ডিচেম্বৰলৈকে হিন্দু বিদেশীৰ বোজা মানি লোৱাটো, অসমৰ ১১খন জিলাৰ পৰা ইনাৰ লাইন পাৰ্মিট প্ৰৱৰ্তনৰ আইন উঠাই লোৱা।প্ৰসংগ ক্ৰমে তেওঁ কয় যে যি আন্দোলনত নাৰী শক্তি আছে, যুৱতী আছে, ‘মা’ আছে সেই আন্দোলন সফল হ’বই। চৰকাৰে কৰা শান্তি সমদলৰ কথা উল্লেখ কৰি ভট্টাচাৰ্যই আৰু কয় যে শান্তি সমদল কৰা ভকত সকলে অসমত অশান্তি বিয়পাইছে।
ভাৰাতীয়া বাংলাদেশীক শান্তি সমদললৈ আনি চৰকাৰে নিজৰ ব্যৰ্থতা উদঙাই দিছে। সভাত ভাষণ প্ৰদান কৰি বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞাই কয় যে এই ঐতিহ্যমণ্ডিত নেহৰুবালি অসমৰ ইতিহাসৰ বহু ঘটনা -পৰিঘটনাৰ সাক্ষী। এই নেহৰুবালিত প্ৰতিবাদী জনগণে যেতিয়াই অত্যাচাৰী চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে তেতিয়াই দিছপুৰত চৰকাৰ টিকি থকা নাই। তেতিয়াই দিছপুৰৰ চৰকাৰ উফৰি গৈছে।এই নেহৰুবালিত আজি সমৱেত হেজাৰ হেজাৰ জনতাই প্ৰমাণ কৰি দিছে যে ভয় ভাবুকিত ভয় নকৰে।
এই সংগ্ৰাম চলি থাকিব যেতিয়ালৈকে জাতিধ্বংসী নাগৰিকত্ব আইন বাতিল নহয়। আনহাতে ১৯৯১-৯২ চনত অসমত ৰাষ্ট্ৰ সন্ত্ৰাসৰ বিৰুদ্ধে নেহৰুবালিত ভাষণ দিয়াৰ কথা উল্লেখ কৰি কয় যে নেহৰুবালিৰ সভাত ভাষণ দিয়াৰ পাছত সেই সময়ৰ চৰকাৰে মোক গ্ৰেপ্তাৰ কৰিছিল। আজি পুণৰ মই নেহৰুবালিত ভাষণ দি যোৱাৰ পাছত মোক যদি গ্ৰেপ্তাৰ কৰে, তেন্তে ইয়াতকৈ আৰু মোৰ বাবে সৌভাগ্যৰ কথা একো হ’ব নোৱাৰে।আনহাতে চৰকাৰৰ ৰঙা চকুলৈ ‘কা’ বিৰোধী আন্দোলনকাৰীয়ে ভয় নকৰে বুলি মন্তব্য কৰি ভূঞাই কয় যে চৰকাৰৰ ইমান ভয়-ভাবুকি, ৰঙা চকু প্ৰদৰ্শনৰ পাছতো ৰাইজে ঐক্যবদ্ধ সংগ্ৰামৰ বাবে সাজু হৈছে।
সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ মন্তব্যৰ উদ্ধৃতিৰে বিশিষ্ট সাংবাদিক ভূঞাই কয় :”লক্ষ্মীনাথ বেজবৰুৱাই কৈছিল জাতিৰ মন মন্দিৰৰ সিংহ দুৱাৰ মাতৃভাষা। সেই সিংহ দুৱাৰত নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহে ইটা-চিমেন্টৰে এখন দেৱাল দিছে । ইয়াত পানী দিছে সৰ্বানন্দ সোণোৱাল-হিমন্ত বিশ্বই। সেই দেৱাল ভাঙি গুড়ি কৰি দিব লাগিব অসমীয়া ৰাইজে।” নাগৰিকত্ব সংশোধনী আইনৰে চৰকাৰে বিভাজনৰ ৰাজনীতি আৰম্ভ কৰিছে বুলি মন্তব্য কৰি ভূঞাই লগতে কয় যে গুৰুজনাৰ অসমত সাম্প্ৰদায়িক ৰাজনীতি প্ৰৱেশ কৰিছে। কিন্তু অসমত সাম্প্ৰদায়িকতাৰ কোনো স্থান নাই। ‘কা’ জাপি দিব খোজা, সাম্প্ৰদায়িক ৰাজনীতি কৰা নেতা সকলে অহা নিৰ্বাচনত অসমত ভৰি থবলৈ সাহস কৰিব নোৱাৰিব।নাগৰিকত্ব সংশোধনী আইনে অসমীয়াৰ ভাষা-সংস্কৃতিৰ সম্পূৰ্ণ ৰূপে বিলুপ্ত ঘটাই অসমতে অসমীয়াক সংখ্যালঘূত পৰিণত কৰিব বুলিও তেওঁ মন্তব্য কৰেে।
বিশাল প্ৰতিবাদী সভাখনত উদাত্ত ভাষণ প্ৰদান কৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাই কয় যে চৰকাৰ খনে ৰঙা চকু দেখুৱাই ‘কা’ বিৰোধী অসমৰ গণ আন্দোলনটোক মষিমূৰ কৰিব বিচাৰিছে। কিন্তু অসমীয়া ৰাইজে চৰকাৰৰ এই ৰঙা চকুলৈ ভয় নকৰে।চৰকাৰে অন্যায় ভাৱে অখিল গগৈ, শৃংখল চলিহাক গ্ৰেপ্তাৰ কৰিছে।চৰকাৰে আন্দোলনৰ নেতা সকলক ৰাজনৈতিক ভাৱে হত্যা কৰিব বিচাৰিছে।” মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক তীব্ৰ সমালোচনা কৰি চাংমাইয়ে আৰু কয় : “আপুনি এগৰাকী বিফল মুখ্যমন্ত্ৰী।আপুনি পদত্যাগ কৰক।”তেওঁ আৰু কয় : “সৰ্বানন্দ সোণোৱালে জাতিক ভাল নাপায় কেৱল গাদীক ভাল পায়। আমি জাতিক ভাল পোৱা নেতা এজন নাপালো, সেইয়া আমাৰ দুৰ্ভাগ্য।” সম্প্ৰতি চৰ্চা চলি থকা তৃতীয় ৰাজনৈতিক বিকল্পৰ সন্দৰ্ভত মন্তব্য কৰি তেওঁ কয় যে আমাৰ এই সংগ্ৰাম ৰাজনৈতিক মঞ্চ তৈয়াৰ কৰা সংগ্ৰাম নহয়। এই সংগ্ৰাম অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম।আমি বিচক্ষণ নেতা নাপালো।
আনহাতে খেলো ইণ্ডিয়া প্ৰসঙ্গত তেওঁ কয়,”আমি খেল ভাল পাওঁ। আমি খেলুৱৈ সকলক সন্মান কৰো। কিন্তু ১০ জানুৱাৰীত খেলো ইণ্ডিয়া উদ্বোধন কৰিবলৈ প্ৰধানমন্ত্ৰী মোদী অসমলৈ আহে আমি তীব্ৰ বিৰোধিতা কৰিম। সেই দিনা অসমৰ ৰাইজ হিল দল ভাঙি ৰাজ পথলৈ ওলাই আহিব লাগিব।সেই দিনা আমাৰ শ্লোগান হ’ব “খেলো ইণ্ডিয়া, ভাগো মোদী।” আনহাতে, বিশাল প্ৰতিবাদী সভাত তেজোদ্বীপ্ত ভাষণ দি সদৌ অসম ছাত্র সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে কয় : “অসমৰ খিলঞ্জীয়া মানুহৰ আত্ম প্ৰতিষ্ঠাৰ এই সংগ্ৰাম খন খিলঞ্জীয়া মানুহৰ অধিকাৰ প্ৰভূত্ব নীলিম আকাশত সৰ্বকালৰ বাবে উৰুৱাই ৰাখিব লাগিব। দিল্লীয়ে অসমৰ জনগণ, অসমীয়া মানুহৰ ওপৰত সদা সতৰ্ক দৃষ্টি নিক্ষেপ কৰি আহিছে, কিন্তু অসমীয়া মানুহৰ চৰিত্ৰ এনেকুৱাই যে কোনো কথাত অন্যায় কৰিলে কেতিয়াও সহ্য নকৰে।
অসমৰ সমাজ জীৱনত যেতিয়াই অন্যায় কৰিব খোজা হৈছে ,অবিচাৰ কৰিব খোজা হৈছে, অসমৰ জাতি সত্বাক নিঃশেষ কৰিবৰ বাবে ষড়যন্ত্ৰ কৰা হৈছে তেতিয়াই সমুচিত প্ৰতুত্তৰ দি আহিছে অসমৰ ৰাইজে। দিল্লীয়ে যদি ভাৱিছে অসমৰ মানুহে দিল্লীৰ কথা মতে এনেকৈ চলিব লাগিব, এইবোৰ ভাষা ক’ব লাগিব, এইবোৰ খাদ্য খাব লাগিব, আমাৰ ৰাজনৈতিক ঠাৰত নাচিব লাগিব তেন্তে দিল্লীয়ে ভুল কৰিছে। দিল্লীয়ে অসমৰ স্বভিমানী জনগণৰ লগত খেলা কৰিব বিচাৰিছে। ইয়াৰ সমূচিত প্ৰতুত্তৰ দিয়া হ’ব। স্বভিমানী জনগণৰ লগত খেলা কৰা মানে জুইৰ লগত খেলা কৰা।” কোনো কাৰণে নাগৰিকত্ব সংশোধনী আইন খন মানি লোৱা নহ’ব বুলি মন্তব্য কৰি ছাত্ৰ নেতা জনে কয় : “এই সংগ্ৰাম দমন, উৎপীড়ণ, ভয়-ভাবুকি, আৰক্ষীৰ লাঠি চালনাৰে কেতিয়াও স্তব্ধ কৰিব নোৱাৰে।” অসমৰ জনগণে কেতিয়াও কাৰো ওচৰত আঠু লৈ জীয়াই নাথাকে বুলি মন্তব্য কৰি আছুৰ সাধাৰণ সম্পাদক জনে কয় ,”অসমৰ জনগণে কেতিয়াও কাৰো ওচৰত আঠু লৈ জীয়াই নাথাকে।
আগতেও আঠু লোৱা নাছিল, আগলৈকো আঠু নলয়। জোন, বেলি, তৰা থকালৈকে, নেহৰুবালি-কলং থকালৈকে অসমৰ জনগণে কেতিয়াও কাৰো ওচৰত আঠু লৈ দ্বিতীয় শ্ৰেণীৰ নাগৰিকৰ দৰে জীয়াই নাথাকে, সেইটো ষ্পষ্ট কথা।” অসমে বিদেশীৰ বোজা কঢ়িয়াব নোৱাৰে বুলি মন্তব্য কৰি তেওঁ আৰু কয় : “৭১ চনৰ ২৫ মাৰ্চৰ পাছত অহা এজনো বিদেশীৰ বোজা কঢ়িয়াবলৈ অসম সন্মত নহয়।সি লাগিলে হিন্দু বাংলাদেশীয়েই হওক বা মুছলিম বাংলাদেশীয়েই হওক।” মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক তীব্ৰ সমালোচনা কৰি গগৈয়ে কয় : “ক্ষমতাৰ লালসাত, ক্ষমতাৰ খকত তেওঁ লোক দিল্লীৰ বহতীয়া হৈ গ’ল। জাতীদ্ৰোহী হৈ জাতিধ্বংসী কাৰ্যত আত্মনিয়োগ কৰিলে।” নাম নোলোৱাকৈয়ে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকো আক্ৰমণৰ লক্ষ্য কৰি লৈ লুৰিণ জ্যোতি গগৈয়ে কয়, “যাৰ কাৰণে ক্ষমতাই জীৱনৰ লক্ষ্য, যাৰ নিউজ চেনেল খোলা, পেপাৰ উলিওৱা, সন্তানক জন্মদিনত মাৰ্চিদেছ গাড়ী উপহাৰ দিয়া, দিল্লী-মুম্বাইত ফ্লেট ক্ৰয় কৰা তেওঁ অসমীয়াৰ হৃদয়ৰ আহ্বান কি বুজিব। জনতাৰ হৃদয়ত আঘাত হণাৰ ফল পাবই।”
এইখন এখন হত্যাকাৰী চৰকাৰ।মুখ্যমন্ত্ৰী নিজে গৃহ মন্ত্ৰীহৈ থকা অৱস্থাত পাঁচজন নিস্পাপ যুৱকে প্ৰাণ হেৰুৱাব লগীয়া হ’ল।এনে এজন মুখ্যমন্ত্ৰীক জেলত কিয় নিক্ষেপ কৰিব পৰা নাই। ৰাজ্যচৰকাৰৰ প্ৰতাপী মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক পুনৰ ক্ষুৰধাৰ সমালোচনা কৰি তেওঁক ডলাৰ বগৰী আখ্যা দিয়ে আছুৰ সম্পাদক লুৰিণজ্যোতি গগৈয়ে।লগতে প্ৰসংগক্ৰমে তেওঁ কয় যে-সাৰদাৰ বিস্কুটৰ সোৱাদ আৰু লুই বাৰ্জাৰৰ পানীৰ সোৱাদ যদি আকৌ চৰ্চালৈ আহে তেন্তে তেওঁ প্ৰয়োজন হ’লে এ আই ইউ ডি এফ দলতো যোগদান কৰিবলৈ পিচ নুহুকিব।তদুপৰি তৃতীয় বিকল্প ৰাজনৈতিক শক্তিৰ চৰকাৰ হ’লে সেইজন ব্যক্তিৰ ঠিকনা হব তিহাৰ জেলৰ আন্ধাৰ কুঁঠৰী।
শ্বহীদৰ প্ৰতি টোপাল তেজৰ মূল্য দিল্লীয়ে দিব লাগিব বুলি উল্লেখ কৰি গগৈয়ে কয় যে-অসমৰ মুখ্যমন্ত্ৰীজনে শপত গ্ৰহণ কৰোতে ‘জয় আই অসম’ কবলৈ পাহৰিছিল।কিন্তু এতিয়া কথাই কথাই ‘জয় আই অসম’ কবলৈ লৈছে।ইপিনে দেশৰ গৃহমন্ত্ৰী অমৃত শ্বাহে ‘কা’ সম্পৰ্কত এক ইঞ্চিও পিচ নুহুহকা প্ৰসংগ টানি আনি লুৰিণে কয় যে- আমি কোনো বাংলাদেশীক এক ইঞ্চি মাটিও নিদিও আৰু এক ইঞ্চিও ‘কা’ বাতিলৰ প্ৰসংগৰ পৰা আতৰি নাযাও। ই তেওঁ অগপ দলকো সমালোচনা কৰি কয়, “ছহিদৰ তেজৰ বিনিময়ত গঠণ হোৱা চৰকাৰ খনে ছহিদৰ আত্মাক হত্যা কৰিবলৈ উঠি পৰি লাগিছে। এই দলটোৰ নাম লবলৈকে মই লাজ পাওঁ, বেয়া পাওঁ।” দিল্লীয়ে সদায় অসমক অৱহেলা কৰি অহা বুলি অভিযোগ তুলি লুৰিণ জ্যোতি গগৈয়ে কয় :”অসম তথা উত্তৰ পূৰ্বাঞ্চলক দিল্লীয়ে সদায় জংঘল বুলি ভাৱে।
কিন্তু তেওঁ লোকে জনা উচিত জংঘলতহে সিংহ থাকে। আজি অসমত সিংহৰ গৰ্জন উঠিছে।” মোৰ আইক ভাল পাবলৈ নৰেন্দ্ৰ মোদী, অমিত সোনোৱাল- হিমন্তৰ অনুমতি নালাগে। যাৰ কাৰণে ক্ষমতাই লক্ষ্য, দিল্লীত আৰু দিছপুৰ দখল। তাৰ পৰা কি আশা কৰিব বুলিও তেওঁ কয়। ইপিনে ইপিনে সোণোৱাল চৰকাৰ খনক হত্যাকাৰী চৰকাৰ বুলি কটাক্ষ কৰি তেওঁ কয় : ” এতিয়া চৰকাৰে মুক্ত হত্যা আৰু গুপ্ত হত্যা কৰাৰ ষড়যন্ত্ৰ কৰিছে ।” সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি গৌৰী শংকৰ শইকীয়া, সাধাৰণ সম্পাদক অমৰজ্যোতি ফুকন, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি দীপমনি বৰা, সাধাৰণ সম্পাদক প্ৰাগজ্যোতিষ বনিয়া, সাংবাদিক শৈলেন শইকীয়া, চন্দনজ্যোতি বৰা, মুনীন্দ্ৰ শইকীয়া আদিয়ে আঁত ধৰা প্ৰতিবাদী সভাত অসম সাহিত্য সভা, কৰ্মচাৰী পৰিষদ, গৰিয়া মৰিয়া দেশী জাতি পৰিষদ, মাছ, ভোজপুৰী যুৱ ছাত্ৰ পৰিষদ, সংখ্যালঘু সংগ্ৰাম পৰিষদ, নগাঁও উকিল সন্থা, নগাঁও বাঙালী সমাজ, নগাঁও শিখ সমাজ, মাৰোৱাৰী সন্মিলন, গ্ৰাম্য পুথিভঁৰাল আদিকে ধৰি বিভিন্ন দল-সংগঠনৰ নেতা কৰ্মীয়ে অংশগ্ৰহণ কৰে।
এই প্ৰতিবাদী সভাখন নগাঁও নৱৰূপ জাতীয় বিদ্যালয়ৰ শিক্ষক, ছাত্ৰ-ছাত্ৰীয়ে চাৰিটা ভাষাত জাতীয় সংগীত পৰিৱেশন কৰাৰ অন্তত সামৰণি পৰে। আজিৰ প্ৰতিবাদী সভাই কা’ বাতিল নোহোৱা পৰ্যন্ত আন্দোলন অব্যাহত ৰখা, ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা কৰা আৰু অখিল গগৈকে ধৰি গ্ৰেপ্তাৰ কৰা নেতাসকলক শীঘ্ৰে মুক্তিৰ দাবী জনাই প্ৰস্তাৱ গ্ৰহণ কৰে।













