
সুখবীৰ সিং সন্ধু (Sukhbir Singh Sandhu) আৰু জ্ঞানেশ কুমাৰ (Gyanesh Kumar) নামৰ দুজন আমোলাক নৰেন্দ্ৰ মোডীৰ নেতৃত্বত তিনিজনীয়া কমিটী (A three-member committee headed by Modi)য়ে নিৰ্বাচন আয়ুক্ত হিচাপে নিৰ্বাচিত (Elected as Election Commissioner) কৰে। এই কথা সমিতিৰ আন এজন সদস্য তথা কংগ্ৰেছৰ সাংসদ অধিৰঞ্জন চৌধুৰীয়ে জানিবলৈ দিয়ে। বৃহস্পতিবাৰে মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰৰ দুগৰাকী সহায়ক হিচাপে তেওঁলোক নিৰ্বাচিত হয়।
নিৰ্বাচন আয়োগৰ খালী পদ দুটাত আমোলা দুজনক নিযুক্তি দিয়া হয়। মোডী আৰু অধীৰৰ উপৰি বাছনি সমিতিৰ তৃতীয় সদস্য হিচাপে সভাত উপস্থিত থাকে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।

উল্লেখযোগ্য যে দেশত এজন মুখ্য নিৰ্বাচন আয়ুক্তকে ধৰি মুঠ তিনিজন নিৰ্বাচন আয়ুক্ত থাকিব লাগে। এতিয়ালৈকে মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰ আৰু নিৰ্বাচন আয়ুক্ত অৰুণ গোয়েলে কৰ্তব্য চম্ভালি আছিল। দীৰ্ঘদিন ধৰি খালী হৈ আছিল তৃতীয় নিৰ্বাচন আয়ুক্তৰ পদ। যোৱা শনিবাৰে হঠাতে পদত্যাগ কৰে অৰুণে। ফলত দুটাকৈ খালী পদৰ সৃষ্টি হয়। যিটো আজি সম্পূৰ্ণ হ’ল।










