
ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়ানৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (Iran India relations) ফোনযোগে কথা পাতে। দুয়োপক্ষই পশ্চিম এছিয়াৰ শেহতীয়া পৰিস্থিতি আৰু ভৱিষ্যত সন্দৰ্ভত আলোচনা কৰে।

আলোচনাৰ সময়ত মোদীয়ে হৰমুজ প্ৰণালীৰ মাজেৰে ভাৰতীয় জাহাজসমূহে বাধাহীনভাৱে পাৰ হোৱাৰ বিষয়টোৰ ওপৰত গুৰুত্ব আৰোপ কৰে। মঙলবাৰে সন্ধিয়া ভাৰত আৰু ইৰাণৰ মুৰব্বীৰ মাজত অনুষ্ঠিত এই আলোচনা তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে।
ভাৰতৰ স্থিতি স্পষ্ট কৰি মোদীয়ে পেজেস্কিয়ানক কয় যে ইৰাণ-আমেৰিকাৰ আলোচনাৰ সিদ্ধান্তক ভাৰতে আদৰণি জনাইছে।
ভাৰতৰ মতে দ্বিপাক্ষিক আলোচনা আৰু কূটনীতিৰ জৰিয়তে সকলো সমস্যা সমাধান কৰিব লাগে। এই ফোনকলৰ সন্দৰ্ভত মোদীয়ে ছ’চিয়েল মিডিয়াত লিখিছে যে তেওঁৰ মতে আলোচনা আৰু নিৰন্তৰ প্ৰচেষ্টাই শান্তি প্ৰতিষ্ঠা কৰিব। ভাৰত-ইৰাণৰ দ্বিপাক্ষিক আলোচনাত হৰমুজ প্ৰণালীৰ মাজেৰে ভাৰতীয় নাৱিক আৰু বাণিজ্যৰ স্বাধীনতাৰ বিষয়টোৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে বুলিও মোদীয়ে কয়।
অৱশ্যে মোদীয়ে কেৱল ভাৰতেই নহয়, বিশ্বৰ আন আন দেশৰ জাহাজ চলাচল আৰু বাণিজ্যৰ স্বাধীনতাৰ কথাও কয়।
উল্লেখ্য যে ইৰাণৰ নিহত সৰ্বোচ্চ নেতা আয়াতুল্লা আলী খামেইনীৰ অন্ত্যেষ্টিক্ৰিয়া ৫-৯ জুলাইলৈ অনুষ্ঠিত হ’ব। পেজেস্কিয়ানে মোদীক এই অনুষ্ঠানত উপস্থিত থাকিবলৈ আমন্ত্ৰণ জনাইছে।











