ASSAM TIMES POST, প্ৰযুক্তিবিদ্যাই সময়, সমাজ আৰু সভ্যতাক সকলো দিশতে অনন্য ধৰণে বিকশিত কৰিছে। প্ৰযুক্তিবিদ্যাৰে ভাষা সংস্কৃতিৰ ক্ষেত্ৰখন অধিক টনকিয়াল কৰিবলৈ ওলাই আহিছে বৰ্তমানৰ প্ৰজন্ম। অসমৰ ভাষা সংস্কৃতিৰ ক্ষেত্ৰলৈ আধুনিক প্ৰযুক্তিবিদ্যাৰ অৱদান ’উজ্জীৱন’ই আলোচনী।
যোৱা ২০ জুলাইত দেৰগাঁও টাউন উচ্চ বুনিয়াদী বিদ্যালয়ত ’উজ্জীৱন’ই আলোচনীৰ পঞ্চম সংখ্যক সন্মিলন অনুষ্ঠিত হৈ যায়। এই উদ্দেশ্যে আউনীআটী সত্ৰৰ নামলগোৱা জোনমণি চেতিয়াৰ বন্দনাৰে আৰম্ভ হোৱা অনুষ্ঠানত গছ পুলি ৰোপণ কৰে যোৰহাট কেন্দ্ৰীয় কাৰাগাৰৰ সহকাৰী কাৰাধ্যক্ষ তৰুণ চন্দ্ৰ সোণোৱালে। অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক বুবুল দত্তৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সু লেখক-উপন্যাসিক, প্ৰাগজ্যোতিকা একাডেমীৰ বিষয় শিক্ষক বিশ্বজ্যোতি শৰ্মা, সত্ৰীয়া নৃত্যৰ বিশাৰদ পাৰ্থ প্ৰতীম বৰা, কবি-শিশু উপন্যাসিক হেমা চৌধুৰী গগৈ, কবি দ্বীপ হেষ্টিংচ বড়ি।
নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে জে ডি এছ জি মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক গোপিকানন্দ শইকীয়া। নামলগোৱা জোনমণি চেতিয়াই উদ্বোধন কৰা সভাৰ আঁত ধৰে ইমৰাণ হুচেইন ৰাহতে। ইয়াৰ পাছতেই ’উজ্জীৱন’ই আলোচনীৰ তৰফৰ পৰা শিৱসাগৰৰ শ্যামকানু নাট্যগোষ্ঠীলৈ শ্ৰেষ্ঠ সাংস্কৃতিক বঁটা ২০১৯ বঁটা, বিতোপন দত্তলৈ শ্ৰেষ্ঠ অভিনেতাৰ বঁটা, চন্দন শইকীয়ালৈ শ্ৰেষ্ঠ চিত্ৰকলা বঁটা আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত সম্প্ৰতি কেইবালানি ৰাষ্ট্ৰীয় পৰ্যায়ৰ সৌন্দৰ্য প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰি উজলি উঠা সম্প্ৰীতি প্ৰাণ হাজৰিকালৈ শ্ৰেষ্ঠ শিশু মডেলিং বঁটা প্ৰদান কৰা হয়।

মিঃ উজ্জীৱন বঁটা লাভ কৰে প্ৰিয়ম কাশ্যপ আৰু মিছ উজ্জীৱন লুইজী বৰাই। ৰাজেন দত্ত সোঁৱৰণি ভ্ৰাম্যভাষ ছবি প্ৰতিযোগিতাৰ ’শৰৎ কোঁৱৰ’ সন্মান লাভ কৰে বিশাল বৰাই আৰু ’শাৰদী ৰাণী’ সন্মান লাভ কৰে সম্প্ৰীতি শৰ্মাই। ’উজ্জীৱন’ ই-আলোচনীৰ উদ্যোগত অসম ভিত্তিত আয়োজন কৰা অণুগল্প প্ৰতিযোগিতাৰ ফলাফল অনুসৰি প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ বিজয়ী সকল ক্ৰমে চামতাৰ বৰষা বৰ্মন, কলিয়াবৰৰ ববিতা বৰা আৰু নগাঁৱৰ খনিন্দ্ৰ ভূষণ মহন্তলৈ এই অনুষ্ঠানতে বঁটা সমূহ প্ৰদান কৰা হয়।
সভাত দিব্যজ্যোতি ৰাজখোৱাৰ সম্পাদনা আৰু ইপ্সিতা দত্তৰ সহঃ সম্পাদনাত পঞ্চম সংখ্যাৰ ’উজ্জীৱন’ ই-আলোচনী উন্মোচন কৰে জোনমণি চেতিয়া নামলগোৱাই। আবেলিলৈ অনুষ্ঠিত ’শাওণৰ দুপৰীয়া’ শীৰ্ষক কবি সন্মিলন আৰু অন্তৰংগ আলাপৰ সঞ্চালনা কৰে কবি তথা নুমলীগড় জুনিয়ৰ কলেজৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ মনালিছা শইকীয়াই আৰু পৰ্যালোচনা কৰে বন্দনা দত্তই।
নিহাৰ ৰঞ্জন চক্ৰৱৰ্তীৰ গীতেৰে আৰম্ভ হোৱা কবি সন্মিলনখনিত ফাটিমা বেগম, জ্যোৎস্না বৰা শইকীয়া,ৰিজু শইকীয়া বৰদলৈ,কাব্যশ্ৰী হাজৰিকা, দৃষ্টিৰূপা বৰদলৈ,বিদ্যান বৰদলৈ, এপ’লিনা বৰা, অংকিতা শইকীয়া, ভোগেশ্বৰ বৰা, দৰ্শনা গোস্বামী, দীক্ষিতা দত্ত, দিব্যজ্যোতি ৰাজখোৱা, ইপ্সিতা দত্ত, ক্ষীৰোদ শইকীয়া, প্ৰীতি বৰা, বিচিত্ৰ বৰা, নীহাৰিকা শইকীয়া আদিয়ে স্বৰচিত কবিতা পাঠেৰে ভাগ লয়। উল্লেখযোগ্য যে উক্ত অনুষ্ঠানত সাঁচিপাতৰ বাটচ’ৰা, সূৰ্যোদয়, ফটা-ঢোল, সাহিত্য অন্বেষণ, ৰক্তকণিকা, ব্যৱসায় বাণিজ্য, মুখা ই আলোচনী, দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থা, দেৰগাঁও ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আদি কেবাটাও অনলাইন ফেচবুক-ৱাটছএপ গোটে ভাগ লয়।













