ASSAM TIMES POST
নিউজ ডেস্ক

দেশজুৰি চলি থকা বিক্ষোভৰ মাজতেই সংশোধিত নাগৰিকত্ব আইন বাস্তৱায়িত কৰাৰ কাম আৰম্ভ কৰিলে উত্তৰ প্ৰদেশ। ৰাজ্যখনত বাস কৰি থকা শৰণাৰ্থীসকলৰ তালিকা প্ৰস্তুত কৰা কাম আৰম্ভ কৰিছে প্রশাসনে। দেশৰ ভিতৰতে যোগী আদিত্যনাথৰ ৰাজ্যত প্রথম এই আইনৰ অধীনত নাগৰিকত্ব প্রদান কৰাৰ বিষয়ত উদ্যোগ লোৱা হ’ল৷

দেওবাৰে অতিৰিক্ত মুখ্য সচিব (গৃহ) অবনীশে জনায়, “একমাত্র ‘বৈধ’ শৰণাৰ্থীয়ে যাতে এই দেশৰ নাগৰিকত্ব পায়, তাক নিশ্চিত কৰাই ৰাজ্য চৰকাৰৰ উদ্দেশ্য। সেই কাৰণেই এই তালিকা তৈয়াৰ কৰা হৈছে৷ এই প্রথম এনেধৰণৰ তালিকা প্ৰস্তুত হ’ব। আৰু নতুন আইনৰ অধীনত একমাত্র ‘বৈধ’ শৰণাৰ্থীসকলকেই নাগৰিকত্ব প্ৰদান কৰা হ’ব।’’

প্রশাসনীয় সূত্রৰ খবৰ অনুযায়ী, এই তালিকাৰ উপৰি ৰাজ্যখনৰ মুছলিম শৰণাৰ্থীসকলৰো এখন তালিকা প্ৰস্তুত কৰি কেন্দ্রীয় গৃহ মন্ত্ৰমালয়ৰ ওচৰলৈ পঠিওৱা হ’ব। ইয়াৰ পিছত তেওঁলোকক নিজ নিজ দেশলৈ ঘূৰাই পঠোৱাৰ কাম আৰম্ভ হ’ব। অৱশ্যে এই বিষয়ে এতিয়াও কোনো চূড়ান্ত সিদ্ধান্ত গ্রহণ কৰা হোৱা নাই।