ASSAM TIMES POST
স্পৰ্টছ ডেস্ক
টছত জয়ী হৈ ৰাণৰ সংখ্যা অনুসৰণ কৰাৰ সিদ্ধান্ত লৈছিল ভাৰতীয় অধিনায়ক বিৰাট কোহলীয়ে৷ কিন্তু তাত বিধি পথালি দিলে প্ৰকৃতিয়ে৷ টছ সমাপ্ত হোৱাৰ পিছতে গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত আৰম্ভ হ’ল বৰষুণ৷ ফলত সন্ধিয় া৭টাৰ পৰা আৰম্ভ হ’বলগীয়া খেলখন সাময়িকভাৱে স্থগি তৰাখিবলগা হয়৷
উল্লেখ্য যে আজি পুৱাৰ ভাগতো গুৱাহাটীত বৰষুণ হৈছিল যদিও দিনৰ ভাগত বতৰ ফৰকাল হৈছিল৷ কিন্তু গেলাৰীত উপস্থিত ক্ৰিকেটপ্ৰেমীক হতাশ কৰি সন্ধিয়া সময়ত পুনৰ আৰম্ভ হয় বৰষুণ। ফলত পিছুৱাই দিবলগা হয় মেচখন৷ বতৰৰ ওপৰত নিৰ্ভৰ কৰি পৰৱৰ্তী সময়ত আম্পায়াৰে সিদ্ধান্ত কৰিব বুলি জনা গৈছে৷













