ASSAM TIMES POST
বিশেষ প্ৰতিবেদন
ডালিমত আছে স্বাস্থ্যৰ বাবে উপকাৰী বহুকেইটা বিশেষত্ব৷ আমাক স্বাস্থ্যৱান কৰাৰ লগতে দেহৰ সৌন্দৰ্য বৃদ্ধিতো ডালিমে প্ৰভূত অৰিহণা যোগায়৷
ডালিমে কেন্সাৰ ৰোগ দূৰতে বিদূৰ কৰে৷ ডামিলত কেন্সাৰ ৰোগ প্ৰতিৰোধী যথেষ্ট সংখ্যক এণ্টি-অক্সিডেণ্ট গুণ আছে৷ ইয়াৰ বাবেই ডালিমে কেন্সাৰৰ দৰে মাৰাত্মক ৰোগৰ পৰা আমাৰ শৰীৰক সুৰক্ষা দিয়ে৷ বিশেষভাৱে স্তন কেন্সাৰ, প্ৰ’ষ্টেট আৰু হাওঁফাওঁৰ কেন্সাৰৰ পৰা সুৰক্ষা দিয়ে৷ ডালিমৰ ৰস সেৱন কৰিলেও আমি এইসমূহৰ উপকাৰ পাওঁ৷ কেন্সাৰ ৰোগৰ চিকিৎসাধীন হৈ থকা ৰোগীসকলে প্ৰতিদিনে এগিলাচকৈ ডালিমৰ ৰস নিয়মিতভাৱে খাব লাগে৷
আনহাতে কলেষ্টেৰল হ্ৰাস কৰিবপৰা বিশেষ গুণো আছে ডালিমৰ ৰসত৷ ডালিমত থকা ফলিক এচিডে আমাৰ শৰীৰত ৰক্তহীনতা লাঘৱ কৰে৷ ইয়াৰ উপৰি শৰীৰত হিমোগ্লবিন কম হ’লেও তাক বৃদ্ধি কৰাত সহায় কৰে৷
ডালিমৰ ৰস নিয়মিতভাৱে খালে হৃদৰোগৰ সম্ভাৱনীয়তাৰ পৰা মুক্ত থাকিব পাৰি৷ আনহাতে নিয়মিতভাৱে ডালিমৰ ৰস সেৱন কৰা লোকসকল অৱসাদৰ পৰাও মুক্ত থাকে৷ ডালিমৰ ৰসে স্বয়ংক্ৰিয়ভাৱে মানসিক চাপ কমাই ৰাখে৷ কেৱল সিমানেই নহয় হতাশাত ভোগা ৰোগীসকলে প্ৰতিদিনে এগিলাচকৈ ডালিমৰ ৰস নিয়মিতভাৱে খাব লাগে৷ ইয়াৰ দ্বাৰা হাতাশাৰ দৰে ৰোগৰ পৰা নিজকে আঁতৰত ৰাখিব পাৰি৷
ডালিমৰ ৰস নিয়মিতভাৱে সেৱন কৰিলে আমাৰ ছালত থকা কোষসমূহৰ ছিদ্ৰসমূহ সক্ৰিয় কৰি ৰাখে৷ লগতে শালমইনাৰ সমস্যাৰ পৰাও মুক্তি পাব পাৰি৷













