ASSAM TIMES POST
নিউজ ডেস্ক
দিল্লীৰ সন্মানীয় জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত দেওবাৰে বিয়লি সংঘটিত হয় এক হিংসাত্মক ঘটনা৷ মুখত ক’লা কাপোৰ পৰিহিত অচিনাক্ত যুৱকৰ দল এটাই হাতে হাতে লাঠি লৈ বিশ্ববিদ্যালয় চৌহদত প্ৰৱেশ কৰি শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীক আক্ৰমণৰ লক্ষ্য কৰি লয়৷ উক্ত আক্ৰণৰ ঘটনাত বিশ্ববিদ্যালয়খনৰ ছাত্ৰ সন্থাৰ সভাপতিকে ধৰি কেইবাজনো শিক্ষক তথা ছাত্ৰ-ছাত্ৰী আঘাতপ্ৰাপ্ত হয়৷

প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুযায়ী, সন্ধিয়া প্ৰায় ৬.৩০মান বজাত মুখত ক’লা কাপোৰ মাৰি প্ৰায় ৫০জনীয়া যুৱকৰ দল এটা বিশ্ববিদ্যালয় চৌহদত প্ৰৱেশ কৰে৷ আনহাতে, বিশ্ববিদ্যালয়খনৰ প্ৰফেছ’ৰ অতুল সুদে এনডিটিভিক জনোৱামতে, “দুষ্কৃতিকাৰীসকল হোষ্টেলত প্ৰৱেশ কৰি শিলগুটি নিক্ষেপ কৰে আৰু সা-সম্পত্তি ধ্বংস কৰে৷” উক্ত ঘটনাত বিশ্ববিদ্যালয়ৰ ছাত্ৰ সন্থাৰ সভাপতি ঐশী ঘোষো বেয়াকৈ আঘাতপ্ৰাপ্ত হয়৷ আনহাতে, যিসকল প্ৰফেছ’ৰে ছাত্ৰ-ছাত্ৰীসকলক আক্ৰমণৰ পৰা বচাবলৈ চেষ্টা কৰে তেওঁলোককো বেয়াকৈ প্ৰহাৰ কৰা বুলি জানিব পৰা গৈছে৷













