ASSAM TIMES POST
উৎপল দাস, গোলাঘাটঃ আৰক্ষীৰ কটকটীয়া নিৰাপত্তাৰ পিছতো গোলাঘাটত ৪ জানুৱাৰী নিশা ব্যৱসায়িক প্ৰতিষ্ঠানত সংঘটিত হয় চুৰিকাণ্ডৰ ঘটনা। গোলাঘাট নগৰৰ শান্তিপুৰৰ ন’ভা ফাৰ্নিচাৰ নামৰ এখন ব্যৱসায়ী প্ৰতিষ্ঠানত নিশা চোৰে চলাই চাফাই অভিযান।
ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ চাটাৰৰ তলা ভাঙি চোৰে ভিতৰলৈ প্ৰৱেশ কৰে উক্ত চুৰিকাণ্ড সংঘটিত কৰা বুলি জনা যায়৷ চোৰে কেছ বক্সৰ পৰা প্ৰায় ৩ লাখ ৬৪ হাজাৰ টকা চুৰি কৰি উধাও হয় ।
পুৱা ব্যৱসায়িক প্ৰতিষ্ঠানৰ কৰ্মচাৰীয়ে ব্যৱসায়িক প্ৰতিষ্ঠান খুলিবলৈ আহোঁতেহে চাটাৰত তলা লাগি নথকা দেখি চুৰি হোৱা বুলি জানিব পাৰে আৰু লগে লগে আৰক্ষীক চুৰি হোৱাৰ কথা অৱগত কৰে।গোলাঘাট আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছেl













