
ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি (Assam Flood) প্ৰায় অপৰিৱৰ্তিত হৈয়ে আছে ৷ ৰাজ্যৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগে সোমবাৰে নিশা প্ৰকাশ কৰা তথ্য অনুসৰি, শেহতীয়া বানত অসমৰ ১৬ খন জিলা ক্ষতিগ্ৰস্ত হৈছে৷

ক্ষতিগ্ৰস্ত জিলাসমূহ হৈছে যোৰহাট, চৰাইদেউ, শোণিতপুৰ, ডিব্ৰুগড়, চিৰাং, ওদালগুৰি, বিশ্বনাথ, গোলাঘাট, কাছাৰ, ধেমাজি, তিনিচুকীয়া, নগাঁও, কাৰ্বি আংলং, কামৰূপ, কামৰূপ (ম), শিৱসাগৰ। এই জিলাকেইখনত ৩ লক্ষাধিক লোক বানত আক্ৰান্ত হৈছে ৷
বৰ্তমান বানৰ কবলত ৭৯৪ খন গাঁৱৰ ৩,৬২,৯৩৩ জন লোক৷ আনহাতে, ক্ষতিগ্ৰস্ত হৈছে ১৯০৯৯.৫৯ হেক্টৰ কৃষিভূমি৷ ইফালে চলিত বৰ্ষৰ বানত এতিয়ালৈকে মুঠ ১০ জন লোকৰ মৃত্যু হোৱাৰ উপৰি ২ জন লোক নিৰুদ্দেশ হৈ আছে৷
সোমবাৰে যোৰহাট জিলাত ৪ জন আৰু কাৰ্বি আংলঙত এজন লোকৰ মৃত্যু হোৱা বুলি তথ্যত প্ৰকাশ৷ আনহাতে, কাৰ্বি আংলং আৰু চৰাইদেউ জিলাত এজনকৈ লোক নিৰুদ্দেশ হৈ আছে৷ উল্লেখযোগ্য যে কামৰূপ(ম), কামৰূপ আৰু যোৰহাটৰ তিনিখন নগৰ পালিকাৰ ৩১ টাকৈ ৱাৰ্ড বানৰ কবলত পৰিছে৷













