ASSAM TIMES POST
গোলাঘাটঃ গোলাঘাট জিলাৰ মাতৃভাষা মাধ্যমৰ এখন অগ্ৰণী শিক্ষানুষ্ঠান গোলাঘাট জাতীয় বিদ্যালয়ৰ দেওবাৰে একবিংশ সংখ্যক প্ৰতিষ্ঠা দিৱস দিনযোৰা বিস্তৃত কাৰ্যসূচীৰে পালন কৰা হয়। দিৱসৰ কাৰ্যসূচীৰ আৰম্ভণিতে পতাকা উত্তোলন কৰে গোলাঘাট জাতীয় বিদ্যালয়ৰ সঞ্চালকমণ্ডলীৰ সভাপতি ডাঃ অজিত বৰুৱাই।
পতাকা উত্তোলন আৰু বিদ্যালয় গীত পৰিৱেশন কৰা পিছতে এখনি সভা অনুষ্ঠিত কৰা হয়। ডাঃ অজিত বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিদ্যালয়ৰ শৈক্ষিক ন্যাস তথা বিদ্যায়তনিক সমিতিৰ সদস্য অনিল শৰ্মা, চফিয়া হুছেইন, অমিয়া তামুলী, প্ৰধান শিক্ষয়িত্ৰী স্মৃতি ৰেখা বৰা, বিশিষ্ট সাংবাদিক দ্বীপেন দত্তকে প্ৰমুখ্য কৰি কেইবাজনো গণ্য মান্য ব্যক্তি।
সভাৰ উদ্দেশ্যে ব্যাখ্যা কৰে সহকাৰী প্ৰধান শিক্ষয়িত্ৰী বনশ্ৰী কাকতিয়ে। উক্ত সভাতে গোলাঘাট জাতীয় বিদ্যালয়ৰ শৈক্ষিক দিশত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা শিক্ষাৰ্থীসকলক বঁটা আৰু জলপানি প্ৰদান কৰা হয়। লগতে বিদ্যালয়খনৰ সপ্তম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে প্ৰকাশ কৰি উলিওৱা বাৰ্ষিক শ্ৰেণী আলোচনীকেইখন উন্মোচন কৰা হয়।
সভাৰ অন্তত গোলাঘাট জাতীয় বিদ্যালয়ৰ প্ৰাথমিক আৰু উচ্চ শাখাৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰা হয়। উল্লেখ্য যে অসমীয়া, বড়ো, তিৱা, বাংলা, হিন্দী আৰু চাহ জনগোষ্ঠীয় ভাষাত পৰিবেশন কৰা অসমৰ জাতীয় সংগীতটি সাংস্কৃতিক অনুষ্ঠানৰ অন্যতম আকৰ্ষণ আছিল৷













