ASSAM TIMES POST,শিৱসাগৰঃ অসমৰ ভিতৰত সৰ্বাধিক ৰাজহ সংগ্ৰহ কৰা অসম ৰাজ্যিক পৰিবহণ নিগমৰ শিৱসাগৰ কাৰ্যালয়ৰ বাছ আস্থানত বৃহৎ বৃহৎ গাঁতৰ বাবে যি কোনো সময়তে ভয়ংকৰ দুৰ্ঘটনা হোৱাৰ প্ৰকট হৈ পৰিছে।
বাছ আস্থানটোৰ গাড়ী ৰখোৱা মজিয়াখনত সম্প্ৰতি বৃহৎ বৃহৎ দ’ গাঁতৰ সৃষ্টি হোৱাৰ লগতে ভিতৰৰ ৰদ ওলাই গৈছে। যাৰ বাবে এজাক কিনকিনিয়া বৰষুণতে গাঁত বোৰত একাঁঠু পৰ্যন্ত পানী হোৱাত যাত্ৰী সকলৰ মাজত সমস্যাৰ সৃষ্টি হৈছে।

দ’ গাঁতত পৰি ইতিমধ্যে বহু যাত্ৰী আঘাত হ’বলগীয়া হৈছে। বাছ আস্থানটোৰ হাস্পতাল ৰোডৰ ফালে থকা প্ৰৱেশ দ্বাৰত এই বৃহৎ বৃহৎ গাঁতে যাত্ৰীৰ লগতে বাহন সমূহৰ পাৰ্কিঙৰ সময়তো আস্থানটোত ব্যপক সমস্যাৰ সন্মুখীন হোৱা দেখা গৈছে।
শিৱসাগৰৰ অসম ৰাজ্যিক পৰিবহন নিগম বিভাগটোৰ অধীনত অ’এনজিচিত বহুসংখ্যক গাড়ী চলি আছে আৰু অ’এনজিচিৰ পৰা মাহে বৃহৎ পৰিমাণৰ ধন লাভ কৰি আহিছে বিভাগটোৱে। ইয়াৰ পাছতো বিভাগীয় কৰ্তৃপক্ষই কি কাৰণত দ’ দ’ গাঁত সমূহ মেৰামতি কৰিব পৰা নাই তাক লৈ ৰহস্যৰ সৃষ্টি হৈছে। অসমৰ ভিতৰত সবাতোতকৈ বেছি ৰাজহ শিৱসাগৰৰ পৰিবহন বিভাগৰ পৰাই আহৰণ কৰা হয়।
ইফালে কুম্ভকৰ্ণৰ নিদ্ৰাত থকা বিভাগটোৰ শীৰ্ষ বিষয়া কৰ্মচাৰীয়ে এই সমূহ গাঁত পুনৰ মেৰামতি কৰিবলৈ আজিকোপতি কোনো পদক্ষেপ গ্ৰহণ নকৰাত ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে অতি শীঘ্ৰে এই সমূহ গাঁত মেৰামতি কৰিবলৈ দাবী উত্থাপন কৰিছে।













