ASSAM TIMES POST
স্পৰ্টছ ডেস্ক
দেওবাৰে গুৱাহাটীৰ বৰ্ষাপাৰাস্থিত অসম ক্ৰিকেট সন্থাৰ ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল ভাৰত-শ্ৰীলংকা টি-২০ শৃংখলাৰ প্ৰথমখন মেচ৷ সন্ধিয়া ৭ বজাৰ পৰা খেল আৰম্ভ হোৱাৰ নিৰ্ধাৰিত সময় আছিল৷ কিন্তু টছ সমাপ্ত হোৱাৰ পিছতে আৰম্ভ হয় বৰষুণ৷ ইয়াৰ পিছত দুঘণ্টাৰ বাবে খেল বন্ধ ৰাখে যদিও আম্পায়াৰদ্বয়ে পিট্ছ আৰু আউট ফিল্ড পৰিদৰ্শন কৰি পুনৰ খেল আৰম্ভ কৰাটো অসম্ভৱ বুলি ঘোষণা কৰাত মেচখন অমীমাংসিতভাৱে সমাপ্ত ঘোষণা কৰা হয়৷

ইমানলৈ ঠিকে আছিল৷ কিয়নো বৰষুণৰ বাবে খেল বন্ধ ৰখা বা পৰিতক্ত ঘোষণা কৰাটো কোনো নতুন কথা নহয়৷ কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ’ল অসম ক্ৰিকেট সন্থাৰ কৰ্ম-কাণ্ডই অসমবাসীক বিশ্ব ক্ৰীড়া জগতত লজ্জানত কৰাই নহয় ক্ৰিকেট বিশ্বত এক নজীৰবিহীন অভিলেখ সৃষ্টি কৰে৷ যাক লৈ এতিয়া ৰাজ্যখনৰ লগতে সমগ্ৰ দেশ তথা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মহলত তুমুল বিতৰ্কৰ সৃষ্টি হৈছে অসম ক্ৰিকেট সন্থা তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে৷

উল্লেখ্য যে বৰষুণৰ সময়ত যিখন পিট্ছ ক’ভাৰ ব্যৱহাৰ কৰিছিল সেইখন আছিল অতি নিম্নমানৰ৷ তাৰ উফৰি ক’ভাৰখনত আছিল বহু কেইটা ফুটা৷ তাৰ ফলত বৰষুণৰ পানী পিট্ছত সোমায়৷ ফলত পিট্ছখন সম্পূৰ্ণভাৱে সেমেকি যায়৷ ষ্টেডিয়ামত নিয়োজিত কৰ্মীসকলে পিট্ছ শুকাবলৈ যৎপৰোনাস্তি চেষ্টা কৰে যদিও সফল নহ’ল৷ ফলত এটাও বল নপৰাকৈ বছৰৰ প্ৰথমখন খেল পৰিতক্ত ঘোষণা কৰিবলগা হয়৷

আটাইতকৈ ডাঙৰ তথা চৰম লজ্জাজনক কথাটো হ’ল অসম ক্ৰিকেট সন্থাৰ হাতত মজুত নাছিল পিট্ছ শুকাবৰ বাবে কোনো ড্ৰায়াৰ বা তেনে আধুনিক ব্যৱস্থা৷ ফলত ষ্টেডিয়ামৰ কৰ্মীসকলে পিট্ছ শুকাবৰ বাবে ব্যৱহাৰ কৰিবলগা হয় হেয়াৰ ড্ৰায়াৰ, ইস্ত্ৰি, ভেকুৱাম ক্লিনাৰ৷ এই ছবি আৰু ভিডিঅ’বোৰ এতিয়া প্ৰচাৰ মাধ্যম আৰু ছ’চিয়েল মিডিয়াৰ জৰিয়তে বিয়পি পৰাত বিদ্ৰুপ আৰু ব্যংগত মূৰ তুলিব পৰা নাই অসম ক্ৰিকেট সন্থাই৷ সাহস কৰিব পৰা নাই একো বক্তব্য তথা মন্তব্য প্ৰকাশ কৰিবলৈও৷
টিভিৰ ধাৰাভাষ্যকাৰ তথা ভাৰতীয় দলৰ পূৰ্বৰ ক্ৰিকেটাৰ আকাশ চোপ্ৰাই পোনপটীয়াভাৱে টিভিৰ পৰ্দাত অভিযোগ কৰিছে যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ মেচ অনুষ্ঠিত কৰিব পৰাকৈ আন্তঃগাঁথনি নাই বৰ্ষাপাৰাত৷ কাৰণ ক’ভাৰৰ ফাঁকেৰে পানী সৰকিছে পিট্ছত৷

আকাশ চোপ্ৰাই কয়, “এইটো স্কুলীয়া ল’ৰাৰ দৰে ভুল৷ আউটফিল্ড একেবাৰে শুকান৷ কিন্তু পিট্ছত পানী আছে৷ হয়তো ঢাকনিত কিছু ঠাইত ছিদ্ৰ ৰৈ গৈছে৷ আন্তৰ্জাতিক মেচৰ প্ৰস্তুতিৰ ক্ষেত্ৰত এইটো হতাশজনক৷”
আনহাতে, ছ’চিয়েল মিডিয়াতো ক্ৰিকেটপ্ৰেমীয়ে বিদ্ৰুপেৰে থকাসৰকা কৰিছে অসম ক্ৰিকেট সন্থাক৷ বিশেষকৈ হেয়াৰ ড্ৰায়াৰ ব্যৱহাৰৰ প্ৰসংগটো তুমুল সমালোচিত হৈছে৷
উল্লেখ্য যে পিট্ছ শুকাবৰ চেষ্টা কৰি থকাৰ সময়ত বিৰাট কোহলিয়ে আশ্চৰ্যজনকভাৱে কৰ্মীসকলৰ কৰ্মকাণ্ড লক্ষ্য কৰাটোও এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে৷













