ASSAM TIMES POST
নিউজ ডেস্ক
দেওবাৰে সন্ধিয়া জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় (জেএনইউ)ত এদল মুখত কাপোৰ বন্ধা দুষ্কৃতিকাৰী প্ৰৱেশ কৰি চলাইছিল তাণ্ডৱ৷ উক্ত আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল বিশ্ববিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ সভাপতি ঐশী ঘোষকে ধৰি বহু কেইগৰাকী শিক্ষক তথা ছাত্ৰ-ছাত্ৰী৷ তাকে লৈ এতিয়া দেশজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ৷ কিন্তু ঘটনাৰ ১৮ ঘণ্টা উকলি যোৱাৰ পিছতো উক্ত ঘটনাৰ লগত জড়িত কাকো দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পৰা নাই৷

অৱশ্যে বিশ্ববিদ্যালয় চৌহদত প্ৰৱেশ কৰি শিক্ষাৰ্থী তথা শিক্ষকসকলৰ ওপৰত আক্ৰমণৰ সন্দেহত চাৰিজন ‘বহিৰাগত’ক আটক কৰে দিল্লী আৰক্ষীয়ে৷ আনহাতে, পৰিস্থিতি সন্দৰ্ভত আলোচনাৰ বাবে বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক তথা প্ৰোক্টৰক তলৱ কৰিছে মানৱ সম্পদ উন্নয়ন সচিবে৷ আজি তেওঁলোক দুয়োগৰাকীকে সাক্ষাৎ কৰিব বুলি জানিব পৰা গৈছে৷
উল্লেখ্য যে জেএনইউ আক্ৰমণৰ ঘটনাত ছাত্ৰ একতা সভাৰ সভানেত্ৰী ঐশী ঘোষসহ একাধিক ছাত্ৰ-ছাত্ৰী আহত হৈছে৷ লগতে আহত হৈছে কেইবাজনো অধ্যাপকো৷ অৱশ্যে আঘাতপ্ৰাপ্তৰ সঠিক তথ্য পোৱা হোৱা নাই৷ জেএনইউৰ সূত্ৰমতে, আহতৰ সংখ্যা ২০দনৰো অধিক৷

ইফালে সোমবাৰে পুৱাৰে পৰাই বিশ্ববিদ্যালয়খনত আৰম্ভ হৈছে বিক্ষোভ কাৰ্যসূচী৷ পৰিস্থিতি মোকাবিলাৰ বাবে আৰক্ষী মোতায়েন কৰা হৈছে৷ আনহাতে, ঘটনাটোক লৈ উপচাৰ্যৰ বিৰুদ্ধে অভিযোগ আনিছে ছাত্ৰ একতা সভাই৷ একেদৰে তেওঁলোকে দিল্লী আৰক্ষীৰ ভূমিকাক লৈও প্ৰশ্ন তুলিছে৷ দেওবাৰে মাজনিশা ছাত্ৰ একত াসভাৰ পৰা জাৰি কৰা এক বিবৃতিত কোৱা হৈছে, “যি হিংসা আজি ঘটিছে সেয়া বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আৰু তেওঁৰ অন্তৰংগ বন্ধুসকলৰ হতাশাৰ ফল৷ কিন্তু এই ঘটনাক্ৰমে স্পষ্ট কৰি দিছে দিল্লী আৰক্ষীৰ লজ্জাজনক স্থিতি যিসকলে এবিভিপিৰ গুণ্ডাসকলক নিৰাপদে গুচি যোৱাত সহায় কৰিছিল৷ প্ৰশাসনে দিনৰ পিছত দিন চেষ্টা কৰিও শিক্ষাৰ্থীসকলৰ প্ৰতিবাদ-আন্দোলন ভাঙিব পৰা নাই৷ সেয়ে বিগত ৪ জানুৱাৰীৰ পৰাই এবিভিপিৰ সমৰ্থকসকলে উপাচাৰ্যৰ ভেৰোণীয়া গুণ্ডা হিচাপে চৌহদত প্ৰৱেশ কৰি শিক্ষাৰ্থীসকলক মাৰধৰ কৰাৰ প্ৰস্তুতি চলাইছিল৷”

ইতিমধ্যে আৰক্ষীৰ ওচৰত চাৰিটা দাবী উত্থাপন কৰিছে জেএনইউ, জামিয়া মিলিয়া আৰু দিল্লী বিশ্ববিদ্যালয়ে৷ ইয়াৰ ভিতৰত আছে আঘাতপ্ৰাপ্ত শিক্ষাৰ্থীসকলক চিকিৎসা আৰু অভিযুক্তসকলক অনতি পলমে গ্ৰেপ্তাৰৰ দাবীও৷
দিল্লী আৰক্ষীৰ সূত্ৰে জানিব পৰা মতে, দেওবাৰৰ ঘটনাৰ সন্দৰ্ভত বিভিন্ন ঠাইৰ পৰা অভিযোগ আহিছে৷ অতি খৰতকীয়াকৈ এফআইআৰ গ্ৰহণ কৰি এই ঘটনাৰ তদন্ত কৰা হ’ব বুলিও দিল্লী আৰক্ষীৰ পৰা জনাইছে৷

উল্লেখ্য যে ঘটনাৰ পিছতেই দিল্লীৰ আৰক্ষী আয়ুক্ত অমূল্য পাটনায়কৰ সৈতে কথা পাতি জেএনইউৰ ঘটনাৰ বিষয়ে জানিবলৈ বিচাৰে গৃহমন্ত্ৰী অমিত শ্বাহে৷ যুটীয়া আয়ুক্ত পৰ্যায়ৰ বিষয়াৰ দ্বাৰা ঘটনাৰ তদন্ত কৰি যিমান সম্ভৱ সোনকালে প্ৰতিবেদন দাখিলৰো নিৰ্দেশ দিয়ে গৃহমন্ত্ৰীয়ে৷ ঘটনাটোক গৰিহণা দিছে মানৱ সম্পদ উন্নয়ন মন্ত্ৰণালয়েও৷ ইফালে জেএনইউৰ ঘটনা সন্দৰ্ভত সৃষ্টি হৈছে প্ৰবল ৰাজনৈতিক চাপো৷ কংগ্ৰেছকে ধৰি সকলোবোৰ বিৰোধী দলেই ইয়াৰ নিন্দা কৰাৰ লগতে অতি সোনকালে ঘটনাৰ তদন্ত কৰি দোষীক কঠোৰ শাস্তি বিহাৰো দাবী জনাইছে৷













