ASSAM TIMES POST
বিশেষ প্ৰতিবেদক
দেওবাৰে গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত ভাৰত-শ্ৰীলংকাৰ প্ৰথম টি-২০ত অসম ক্ৰিকেট সন্থাৰ কৰ্মকাণ্ডত ৰাজ্যবাসী লজ্জানত হ’লেও ৰাজ্যৰ সচেতন নাগৰিকে কিন্তু গেলাৰীতো বিৰোধিতা কৰিব নাপহৰিলে সংশোধিত নাগৰিকত্ব আইনৰ৷
এই জাতিধ্বংসী আইনখনৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হ’ল বর্ষাপাৰা ষ্টেডিয়ামৰ গেলাৰী। উল্লেখ্য যে ভাৰতীয় দলৰ বছৰটোৰ প্ৰথমখন মেচ দেওবাৰে বৰষুণৰ বাবে খেলিবলৈ অনুপযোগী হোৱা পিট্ছৰ বাবে বাতিল কৰিবলগা হয়। ঘৰুৱা দৰ্শকে খেলখন উপভোগ কৰাৰ পৰা বঞ্চিত হ’লেও কিন্তু খেল উপভোগ কৰিবলৈ যোৱা সমৰ্থক-দর্শকসকলে গেলাৰীত বহি ‘কা”ৰ বিৰোধিতাৰে প্ৰতিবাদ কৰিবলৈ পাহৰা নাছিল।

উল্লেখ্য যে প্ৰশাসনে পূৰ্বতে অনুমান কৰিছিল যে ষ্টেডিয়ামৰ ভিতৰতো হয়তো ‘কা’ৰ বিৰুদ্ধে প্ৰতিবাদ হ’ব পাৰে। তাৰ প্ৰতি লক্ষ্য ৰাখি খেল উপভোগ কৰিবলৈ যোৱা দৰ্শক-সমৰ্থকসকলৰ ক্ষেত্ৰত আৰোপ কৰা হৈছিল কিছুমান নিষেধাজ্ঞা। সেই অনুসৰি ষ্টেডিয়ামৰ ভিতৰলৈ কোনো দর্শকক মনিপাৰ্চ আৰু মোবাইল ফোনৰ বাহিৰে একো নিবলৈ দিয়া হোৱা নাছিল। আনকি জাতীয় পতাকা, বেনাৰ, পোষ্টাৰ আদি নিয়াতো নিষেধাজ্ঞা আছিল প্ৰশাসনৰ। তাৰবাবে খেল উপভোগ কৰিবলৈ যোৱা প্ৰতিজন দৰ্শকক প্ৰৱেশদ্বাৰত তন্ন-তন্নকৈ পৰীক্ষা কৰা হৈছিল। কিন্তু তাৰ মাজতে কিছু সংখ্যক দর্শকে প্ৰশাসনৰ পানী নসৰকা তালাচী ব্যৱস্থাৰ চকুত ধূলি দি গেলাৰীলৈ লৈ গৈছিল ‘জয় আই অসম, NO CAA’ লিখা পোষ্টাৰ।
ইয়াৰ উপৰি খেলপথাৰত সংলগ্ন কৰা ছইড স্ক্ৰীণত যেতিয়া ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অসম পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্তমল্ল বৰুৱাক দর্শকে দেখা পায়, লগে লগে গেলাৰীৰ পৰা ভাহি আহে ‘বিজেপি গ’ বেক, হিমন্ত বিশ্ব শৰ্মা গ’ বেক, সৰ্বানন্দ সোণোৱাল গ’ বেক, জয়ন্তমল্ল বৰুৱা গ’ বেক’ ধ্বনিৰে চিঞৰ।













