
নিচাজাতীয় দ্ৰব্যবিৰোধী অভিযানত অসম আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চ আৰু কাছাৰ আৰক্ষীৰ বৃহৎ সফলতা। বৃহস্পতিবাৰে নিশা শিলচৰত চলোৱা এক অভিযানত এই পৰ্যন্ত সৰ্বাধিক পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ ২১ কিলোগ্ৰাম হেৰ’ইন জব্দ (Drugs Seized) কৰে। ইয়াৰ আনুমানিক বজাৰ মূল্য ২১০ কোটি টকা।

বিশেষ টাস্ক ফ’ৰ্চ আৰু কাছাৰ আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰাৰ উপৰি এই ঘটনাৰ সৈতে জড়িত এজন সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰে। আনহাতে, তদন্তকাৰীয়ে গ্ৰেপ্তাৰ কৰা লোকজনক জেৰা কৰি এই ড্ৰাগছ সৰবৰাহৰ চক্ৰটোৰ লগত আৰু কোন জড়িত আছে সেয়া জানিবলৈ চেষ্টা চলাইছে।
উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্বই নিজৰ এক্স হেণ্ডেলত ৰাজ্যত এতিয়ালৈকে জব্দ কৰা সৰ্বাধিক পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ হেৰ’ইনখিনি জব্দ কৰাৰ কথা পোষ্ট কৰাৰ লগতে অসম আৰক্ষীক প্ৰশংসা কৰে।
তেওঁ টুইট কৰি কয়, “ড্ৰাগছমুক্ত অসম গঢ়াৰ দিশত এয়া এক অতি ডাঙৰ পদক্ষেপ। অসম আৰু কাছাৰ আৰক্ষীৰ যৌথ অভিযানত এছটিএফে শিলচৰত ২১ কেজি হেৰ’ইন জব্দ কৰে। এই ঘটনাত এতিয়ালৈকে এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত আছে। অতি সোনকালে এই ড্ৰাগছ সৰবৰাহৰ চক্ৰৰ লগত জড়িত আনসকলকো গ্ৰেপ্তাৰ কৰা হ’ব। ৱেল ডান অসম পুলিচ।”
স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, অসম আৰক্ষীৰ এছটিএফে এখন বাহনত বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ হেৰ’ইন সৰবৰাহ কৰা বুলি গোপন সূত্ৰৰ পৰা তথ্য লাভ কৰে। ইয়াৰ পিছতে এছটিএফ আৰু কাছাৰ আৰক্ষীৰ যুটীয়া বাহিনীয়ে শিলচৰ থানাৰ অন্তৰ্গত শ্বাহিদপুৰৰ সমীপত এখন বাহন আটক কৰে।
সূত্ৰ অনুসৰি, লালদিনুয়া নামৰ এজন ব্যক্তিয়ে ড্ৰাগছভৰ্তি গাড়ীখন চলাই আহিছিল। তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। বাহনখন মিজোৰামৰ ৰাজধানী আইজলৰ পৰা আহিছিল বুলি জানিব পৰা গৈছে। গাড়ীখনত থকা ৰুটি আৰু বিস্কুটৰ পেকেটৰ ভিতৰত ড্ৰাগছখিনি লুকুৱাই থোৱা আছিল।
আৰক্ষীৰ মতে, ১০ দিন পূৰ্বে আৰক্ষীয়ে তথ্য লাভ কৰিছিল যে ৰাজ্যত বৃহৎ পৰিমাণৰ ড্ৰাগছ আমদানি কৰাৰ চেষ্টা চলি আছে। লগতে চুবুৰীয়া ৰাজ্যৰ পৰা ড্ৰাগছ অনাৰ পৰিকল্পনা আৰু তাৰ পিছত সেয়া দেশৰ বিভিন্ন প্ৰান্তত বিতৰণ কৰাৰ পৰিকল্পনা কৰাৰ কথা গম পায়।












