ASSAM TIMES POST,গোলাঘাটঃ চন্দ্ৰযান -২ ৰ সফল অভিযান। ভাৰতীয় মহাকাশ গবেষণা সংগঠন চমুকৈ ইছৰৰ শক্তিশালী জি এছ এল ভি -এম কে কে থ্ৰী-এম ১ ৰকেটৰ সহায়ত চন্দ্ৰযান-২ উৎক্ষেপন কৰা হয়। এই ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰৈছিল এজন অসমীয়া বিজ্ঞানী। চন্দ্ৰযান-২ ৰ সমগ্ৰ প্ৰক্ৰিয়াত অন্যতম মুখ্য ভূমিকা লোৱা অসমীয়া বিজ্ঞানীজনক লৈ গৌৰাম্বিত হৈছে এতিয়া গোলাঘাটবাসী৷ প্ৰথমে ভাৰতীয় মহাকাশ গবেষণা সংগঠন চমুকৈ ইছৰ’ দ্বাৰা উৎক্ষেপন কৰা এই ঐতিহাসিক ক্ষণৰ পিছত দেশ-বিদেশৰ সকলো মহাকাশ গৱেষণা সংগঠন তথা অনুষ্ঠানে প্ৰশংসা অভিনন্দন জনাইছিল। সেই সময়তে এজন অসমীয়া বিজ্ঞানীক লৈ গৌৰাম্বিত হৈছে গোলাঘাটবাসী। নাম দিপক কুমাৰ দাস, Director & Distinguished Scientist space Application center at ISRO। এইজন অসমীয়া বিজ্ঞানী গৰাকীয়ে চন্দ্ৰযান-২ সফল অভিযানত অন্যতম মুখ্য ভূমিকা গ্ৰহণ কৰিছিল। যাক লৈ এতিয়া অধ্যয়ণ কৰা বিদ্যালয়ৰ শিক্ষক আৰু বন্ধু সকল আনন্দিত হৈ পৰিছে ৷ উল্লেখ্য যে শুৱালকুছিৰ নিবাসী বিজ্ঞানী দিপক কুমাৰ দাস তেওঁৰ পিতৃৰ চাকৰি সুত্ৰে যোৱা ১৯৬৯ ৰ পৰা ১৯৭১ লৈকে গোলাঘাট চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যয়ন কৰিছিল। সৰুৰে পৰা মেধাবী দীপক কুমাৰ দাস লগৰীয়া সৈতে খেলাধুলা কৰাৰ বিপৰীতে চতুৰ্থ শ্ৰেণীতেই গোলাঘাটৰ দেবৰাজ ৰয় মহাবিদ্যালয়ৰ চৌহদৰ ৱাল পাৰ হৈ পদাৰ্থ বিজ্ঞান বিষয়ৰ প্ৰেক্টিকেল চাই বিজ্ঞানৰ প্ৰতি মন মেলিছিল। শৈশব কালত গোলাঘাটতে শিক্ষা জীৱন আৰম্ভ কৰা দীপক কুমাৰ দাস এতিয়া এগৰাকী সফল বিজ্ঞানী। চন্দ্ৰযান-২ ৰ সফল উৎক্ষেপনৰ ঐতিসাহিক যাত্ৰাৰ সাক্ষী হোৱা অসমীয়া বিজ্ঞানী গৰাকীৰ কৃতিত্বত গৌৰৱ আৰু আনন্দৰে বন্ধু-বান্ধৱসকলে Social Media ত অভিনন্দনে উপচাই তোলে এনেদৰে। বিজ্ঞানী গৰাকীৰ এনে সাফল্যত গোলাঘাটবাসীও গৌৰাম্বিত হোৱাৰ লগতে বিজ্ঞানী দাসক শুভেচ্ছা জ্ঞাপন কৰিছে৷












