ASSAM TIMES POST
ডিফু, ২৫ ফেব্ৰুৱাৰী: বিভিন্ন স্থানৰ পৰা চুৰি গাড়ী চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ ডিমাপুৰলৈ নিয়াৰ বাবে কাৰবি আংলঙৰ ডিলাইক নিৰাপদ ক’ৰিডৰ হিচাপে ব্যৱহাৰ কৰি আজি বিপদত পৰিল এটা গাড়ী চোৰ ৷ আৰক্ষীৰ সূত্ৰে জানিব পৰা অনুসৰি আজি কাহিলি পুৱাতে ডিলাই তালাচী গেটত নিয়মীয়া তালাচী চলাই থাকোঁতে ডিমাপুৰ অভিমুখে গৈ থকা AS,01-DV- 2330 পঞ্জীয়ন নম্বৰৰ বগা ৰঙৰ ফৰ্চুনাৰ গাড়ীসহ এটা চোৰক ডিলাই আৰক্ষীয়ে সন্দেশবশত: আটক কৰে ৷
ধৃত চোৰটোক সোধ-পোছ কৰাত গাড়ীখনৰ একো নথি- পত্ৰ প্ৰদৰ্শন কৰিব নোৱাৰিলে ৷ চালকজনৰ মোবাইলত থকা গাড়ীখনৰ এটা আৰচি প্ৰদৰ্শন কৰিছে যদিও গাড়ীৰ চেছিছ নম্বৰৰ লগত সেয়া সাদৃশ্য নথকাত চোৰটোক গ্ৰেপ্তাৰ কৰি অধিক তথ্যৰ বাবে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ৷ ধৃত চোৰটো দিল্লীৰ শাস্ত্ৰী নগৰ অশোক বিহাৰৰ মহিপাল সিঙ বুলি চিনাক্ত কৰা হৈছে ডিলাই থানাৰ অ’চি ৰঞ্জিত হাজৰিকাই জানিবলৈ দিছে ৷