ASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাত : অসম আৰু অসমীয়াৰ জাতীয় সত্বাক বিপদাপন্ন কৰা নাগৰিকত্ব সংশোধনী আইন ২০১৯ বাতিলৰ দাবীত হোৱা আন্দোলনত আৰক্ষীৰ বৰ্বৰতাত অকালতে নিস্প্ৰভ হোৱা অসমৰ ৬ গৰাকী শ্বহীদৰ স্মৃতিত অলপতে বোকাখাত মহকুমা পালনাম সমিতিয়ে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰি শ্বহীদৰ বিদেহী আত্মাৰ শান্তি কামনা কৰিছে।
বোকাখাত মহকুমাৰ ১৩১ খন গাঁও সামৰি প্ৰতিষ্ঠা লাভ কৰা সামাজিক-সাংস্কৃতিক-ধৰ্মীয় অনুষ্ঠান বোকাখাত মহকুমা পালনাম সমিতিৰ মুখ্য সম্পাদক বিনন্দ চন্দ্ৰ বৰুৱাৰ আহ্বানত কাজিৰঙা আঞ্চলিক পালনাম সমিতিৰ উদ্যোগত ভুগীবঢ়ানী নামঘৰত প্ৰায় সহস্ৰাধিক ভক্তপ্ৰাণ ৰাইজৰ সহযোগত অনুষ্ঠিত এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানতেই অলপতে আকস্মিক পথ দুৰ্ঘটনাত মৃত্যুক সাবতি লোৱা উদীয়মান শিল্পী দ-গাঁও নিৱাসী প্ৰৱীণ বৰা (প্ৰীতি) আৰু অকালতে জীৱন পৰিক্ৰমাৰ যতি পেলোৱা স্থানীয় গাঁওবুঢ়া প্ৰতাপ গগৈৰ পৱিত্ৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে মৃতকৰ আত্মাৰ সদ্গতি কামনা কৰা হয়।
বাৰ্ষিক পালনাম আৰু ভাগৱৎ পাঠ আদৰণী সমিতিৰ মুখ্য সম্পাদক পৰেশ দুৱৰাই আঁত ধৰা এই অনুষ্ঠানৰ বন্তি প্ৰজ্বলন কৰে মহকুমা পালনাম সমিতিৰ সভাপতি খগেশ্বৰ বৰাই। প্ৰয়াত প্ৰৱীণ বৰা আৰু প্ৰতাপ গগৈৰ পৰিয়ালবৰ্গই শ্ৰদ্ধাঞ্জলি আগবঢ়োৱা এই অনুষ্ঠানত সহস্ৰজনে পুস্পাঞ্জলি প্ৰদান কৰে। বোকাখাত মহকুমা পালনাম সমিতিৰ মুখ্য সম্পাদক বিনন্দ চন্দ্ৰ বৰুৱাই মুখ্য তৰ্পক হিচাপে ‘শ্বহীদ তৰ্পন’ কাৰ্যসূচী সম্পন্ন কৰে।
পৰৱৰ্তী সময়ত ভুগিবঢ়ানী নামঘৰত সমবেত জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সহস্ৰজনৰ কণ্ঠত ‘প্ৰাৰ্থনা সভা’ অনুষ্ঠিত হয়। প্ৰাৰ্থনা সভাৰ জড়িয়তে ভক্তপ্ৰাণ ৰাইজে অসমৰ সাম্প্ৰতিক পৰিস্থিতিৰ অৱসান ঘটাই শান্তি-সম্প্ৰীতি, সমন্বয় আৰু সমৃদ্ধিৰ পৰিৱেশ ঘূৰাই আনিবলৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়।













