
পুনৰ ভাৰতীয় মহিলা ক্ৰিকেট দললৈ নিৰ্বাচিত বোকাখাতৰ ক্ৰিকেটাৰ উমা চেত্ৰী (Uma Chetry)। উল্লেখ্য যে ২০২৩ ৰ জুন মাহত হংকঙত অনুষ্ঠিত মহিলা এছিয়া কাপ ক্ৰিকেটৰ বাবে ভাৰতীয় এ দলত স্থান লাভ কৰিছিল অসমৰ উমা ছেত্ৰীয়ে ।

ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ কৰা উমাই ২০২৩ বৰ্ষৰ স্বাধীনতা দিৱসত বোকাখাত মহকুমা প্ৰশাসনৰ সম্বৰ্ধনা লাভ কৰিছিল। উমা পুনৰ নিৰ্বাচিত হৈছে ভাৰতীয় মহিলা ক্ৰিকেট দললৈ। অহা ১৬ জুনৰ পৰা দক্ষিণ আফ্ৰিকাৰ মহিলা দলৰ বিৰুদ্ধে অনুষ্ঠিত হ’ব লগীয়া শৃংখলাত তিনিখন এদিনীয়া, এখন টেষ্ট আৰু তিনিখন টি টুৱেণ্টি খেলত অংশগ্ৰহণ কৰিব উমা সমন্বিতে দলটোৱে।
ৰাষ্ট্ৰীয় দলটোলৈ উমা নিৰ্বাচিত হোৱাত অভিনন্দন জ্ঞাপন কৰি ফেচবুক যোগে দিয়া নিজা প’ষ্টত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় “অসমৰ ক্ৰীড়া খণ্ডলৈ এক প্ৰত্যয়ভৰা খবৰে উছাহৰ বাৰ্তা কঢ়িয়াই আনিছে৷ ভাৰতীয় মহিলা ক্ৰিকেটৰ টেষ্ট দলত অসম কন্যা উমা চেত্ৰী বাছনিভুক্ত হৈছে৷ লগতে এদিনীয়া আৰু টি-২০ সংস্কৰণতো বোকাখাতৰ যুৱতী ক্ৰীড়া প্ৰতিভা গৰাকীয়ে স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷ এই সময়ত ক্ৰিকেটাৰ গৰাকীৰ লগতে আমিও অতি আনন্দিত হৈছোঁ৷ এই শুভ মুহূৰ্তত তেওঁলৈ অভিনন্দনৰ লগতে শুভেচ্ছা জ্ঞাপন কৰিলোঁ”৷

আনহাতে আনন্দ আৰু গৌৰৱ প্ৰকাশ কৰি বোকাখাতৰ বিধায়ক তথা অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী অতুল বৰাই ফেচবুক যোগে দিয়া নিজা প’ষ্টত কয় “উমাৰ লগতে দলটোৰ প্ৰতিগৰাকী ক্ৰিকেটাৰক মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
এই ক্ৰীড়া প্ৰতিযোগিতাত চমক সৃষ্টিৰে উমাই আমাক আকৌ গৌৰৱান্বিত কৰিব বুলি আমি গভীৰ আশাবাদী”। এই খবৰে বোকাখাতবাসীলৈ গৌৰৱ আৰু আনন্দৰ বন্যা কঢ়িয়াইছে। প্ৰতিভাৱান যুৱ খেলুৱৈ উমা বোকাখাতৰ কান্ধুলীমাৰিৰ লোকবাহাদুৰ ছেত্ৰী আৰু দীপা ছেত্ৰীৰ কন্যা।













