ASSAM TIMES POST,গুৱাহাটী: কৰিমগঞ্জৰ ছয় নং ৰাষ্ট্ৰীয় ঘাইপথত বুধবাৰে দুখন বাছৰ সংঘৰ্ষত দুজন যাত্ৰী নিহত হোৱাৰ ওপৰি আন ত্ৰিশজন যাত্ৰী আহত হয়। ঘটনাৰ বিৱৰণী অনুসৰি শিলচৰৰপৰা কৰিমগঞ্জ অভিমুখী AS-11-BC-2557 নম্বৰৰ অসম ৰাজ্যিক পৰিবহন নিগমৰ অধীনৰ বাছখন আৰু একে দিশত আহি থকা AS-01-C-4149 নম্বৰৰ বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ এটা খাৱৈত সোমাইগৈ। দুৰ্ঘটনাটোত আহত কেইবাজনকো সংকটজনক অৱস্থাত শ্ৰীগৌৰী আৰু কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলি জিলাখনৰ যানবাহন আৰক্ষীৰ সূত্ৰই জনাইছে।












