ASSAM TIMES POST, নলবাৰী: নলবাৰীত মঙলবাৰে সন্ধিয়াৰপৰা বানে পুনৰ কালৰূপ ধাৰণ কৰিছে। দ্বিতীয়টো বানত প্লাৱিত হৈছে জিলাখনৰ বিয়াল্লিছখনতকৈও অধিক গাওঁ। ইয়াৰ চটাইবাৰী আৰু নামতিত আৱদ্ধ হৈ পৰা লোকসকলক উদ্ধাৰ কৰিবলৈ বুধবাৰে পুৱাৰেপৰা সেনাবাহিনী মোতায়েন কৰা হয়। এই সন্দৰ্ভত নলবাৰীৰ উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীয়ে স্থানীয় সংবাদদাতাক জনাই যে উক্ত দুটি অঞ্চলত শিশু, মহিলা আৰু বৃদ্ধকে ধৰি দুশ লোক বানৰ কৱলত পৰে। বৰ্তমানেও সেনাৰ উদ্ধাৰ অভিযান অব্যাহত থকাৰ কথা উল্লেখ কৰি তেওঁ আৰু কয় যে ঘগ্ৰাপাৰ অঞ্চলত বন্যাৰ্তৰ উদ্ধাৰ অভিযান মঙলবাৰে সন্ধিয়াৰ পৰাই এছডিআৰএফে অব্যাহত ৰাখিছে। তেওঁ কয় যে পাগলাদিয়াৰ বুকু উফন্দি উঠাতে বাণেকুছি আৰু ঘগ্ৰাপাৰ ৰাজহ চক্ৰ পানীত বুৰ যায়। ফলত উপায়ুক্তজনে সেনাৰ বাহিৰে আন একো বিকল্প নাপাই পুৱাৰেপৰা সেনাৰ ৰঙিয়াস্থিত ৰেড হৰ্ন ডিভিজনৰ জোৱানেৰে অভিযান আৰম্ভ কৰে। সেনাই সম্প্ৰতি দুখন নাৱৰে অভিযান অব্যাহত ৰাখিছে। পাগলাদিয়াৰ সমান্তৰালকৈ চেঙনৈৰ বাঢ়নী পানীয়েও কেইবাখনো গাওঁ জলমগ্ন কৰি তুলিছে। দ্বিতীয়টো বানত অদ্যপি চল্লিশ হাজাৰ লোক আক্ৰান্ত হৈছে।












