ASM TIMES POST,অজন্তা তালুকদাৰ, বোকাখাতঃ চলিত বানত বুৰিছে সমগ্ৰ ৰাজ্য ৷ বানত ককবকাই থকা বানাক্ৰান্তৰ কাষত থিয় দিছে শুভাকাংক্ষী, বিভিন্ন দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠান ৷ বিভিন্ন ধৰণে সহায়ৰ হাত আগবঢ়াইছে বানত সৰ্বচান্ত হোৱা দুৰ্গটজনক ৷ মেডুৰ এডুকেচন নামৰ বে-চৰকাৰী স্বেচ্ছাসেৱী সংগঠনটোৱে মঙলবাৰে বোকাখাত মহকুমাৰ অন্তৰ্গত বৰজুৰি বস্তীৰ সোনাৰী গাঁৱৰ ১৪০ টা পৰিয়ালক বান সাহায্য বিতৰণ কৰে ৷ মেডুুৰ এডুকেশ্যন গ্ৰুপ অৱ ইনষ্টিটিউট হৈছে ২০১০ চনত নগাঁৱৰ কেইজনমান যুৱক-যুৱতীৰ প্ৰচেষ্টাত ভাৰতী দেৱী গোস্বামীক মুখ্য পৰিচালন সঞ্চালক হিচাপে লৈ জন্ম লাভ কৰা এটি শিক্ষামূলক স্বেচ্ছাসেৱী অনুষ্ঠান৷

ভাৰতী দেৱী গোস্বামীৰ মুখ্য পৃষ্ঠপোষকতাত জন্ম লাভ কৰা অনুষ্ঠানটোৰ ২০১১ত ভাৰতী দেৱী গোস্বামীয়ে বাবি কুমাৰ গোস্বামীক পৰিচালন সঞ্চালকৰ দায়িত্ব প্ৰদান কৰে৷ তেতিয়াৰ পৰাই বাবি কুমাৰ গোস্বামীয়ে অনুষ্ঠানটো সুচাৰু ৰূপে পৰিচালনা কৰি আহিছে৷ এই অনুষ্ঠানটোৰ অধীনত নগাঁৱত এটা কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ আৰু এটা আয়ুৰবেদিক ঔষধ তথা স্বাস্থ্য পৰীক্ষণ কেন্দ্ৰ, যোগ প্ৰশিক্ষণ কেন্দ্ৰ, ফিজিঅথেৰাপি প্ৰশিক্ষণ কেন্দ্ৰ আছে৷ পৰিচালন সঞ্চালক গোস্বামীয়ে অনুষ্ঠানৰ উপ সঞ্চালকদ্বয় বসন্ত দাস আৰু দেৱজিত সোণোৱালক অনুষ্ঠানৰ শাখা বিস্তাৰৰ দায়িত্ব অৰ্পণ কৰে আৰু দুয়ো উপসঞ্চালকৰ ধৈৰ্য, সাহস আৰু কৰ্মপটুতাৰ ফলত নগাঁৱকে ধৰি যোৰহাটৰ চিনামৰা, গোলাঘাট জিলাৰ দেৰগাঁও, হোজাইত ইয়াৰ শাখা স্থাপন কৰাৰ লগতে নতুনকৈ গোলাঘাট জিলাৰ বৰপথাৰ আৰু ধেমাজী জিলাৰ গোগামুখত একোটাকৈ শাখা খোলাৰ ব্যৱস্থা কৰিছে৷ এই অনুষ্ঠানটোৱে শেহতীয়া বানত ৭৫ শতাংশ অঞ্চল পানীত ডুৱ যোৱা কাজিৰঙা অঞ্চলৰ বৰজুৰি বস্তীৰ সোনাৰী গাঁৱৰ বানপীড়িতক সাহায্য প্ৰদান কৰাৰ এক সিদ্ধান্ত গ্ৰহণ কৰে আৰু অনুষ্ঠানৰ প্ৰতিজন কৰ্মচাৰীয়ে তেওঁলোকৰ এটা মাহৰ দৰমহা গ্ৰহণ নকৰি সেই টকাৰে বানপীড়িতৰ বাবে খাদ্যবস্তু ঔষধ, কীটনাশক, কাপোৰ আদি ক্ৰয় কৰি কাজিৰঙাৰ অতি ভিতৰুৱা অঞ্চল বৰজুৰিৰ সোণাৰী গাঁৱৰ প্ৰায় ১৪০ টা পৰিয়ালৰ পীড়িতক সাহায্য প্ৰদান কৰে ৷ লগতে অনুষ্ঠানৰ ফালৰ পৰা পৰিচালন সঞ্চালক গোস্বামীয়ে সেইঅঞ্চলৰ সমূহ জনতাক পানী শুকুৱাৰ লগে লগেই হ’ব পৰা বেমাৰৰ পৰা ৰক্ষা পৰিবৰ বাবে একোটাকৈ বিনামূলীয়া স্বাস্থ্য পৰীক্ষাৰ সুবিধা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে৷













