
জলবায়ু পৰিৱৰ্তনৰ অন্যতম প্ৰভাৱ হৈছে পৃথিৱীৰ দুটা মেৰুত থকা বৰফ গলি যোৱাটো। কিন্তু পৃথিৱীৰ গতিপথো ইয়াৰ ওপৰত নিৰ্ভৰ কৰে। এক নতুন অধ্যয়নত দেখা গৈছে যে পৃথিৱীৰ অক্ষত ঘূৰ্ণন সামান্য স্থানান্তৰিত (Earth’s axis rotation is slightly shifted) হৈছে। ফলত পৃথিৱীৰ পৰিবেশ বহু পৰিমাণে পৰিবৰ্তন হৈছে। চন্দ্ৰই পৃথিৱীৰ জোৱাৰ-ভাটা নিয়ন্ত্ৰণ কৰে। কিন্তু সেউজ গৃহ গেছৰ বাবে চন্দ্ৰৰ আকর্ষণ প্ৰভাৱিত হয়।

জ্যোতিৰ্বিজ্ঞানী বেনেডিক্ট ছ’জাৰ মতে, পৃথিৱীত মানুহৰ প্ৰভাৱ আমি কল্পনা কৰাতকৈও বেছি। ভৱিষ্যতৰ পৃথিৱীখনক বচাবলৈ হ’লে মানুহে অধিক দায়িত্ব ল’ব লাগিব। পৃথিৱীখন নিজৰ কক্ষপথত অলপ স্থানান্তৰিত হৈছে। ফলত বৰফ গলি দিনটোৰ দৈৰ্ঘ্য বাঢ়িছে (Length of the day has increased by melting the snow)। কেৱল সেয়াই নহয়, পৃথিৱীৰ গতি কিছু পৰিমাণে লেহেমীয়া হৈছে। কাৰোবাক যদি এঠাইৰ পৰা আন ঠাইলৈ পঠিওৱা হয়, তেন্তে তাৰ চৰিত্ৰও সলনি হয়। এই ক্ষেত্ৰতো সেইটোৱেই ঘটিছে।” বিজ্ঞানীসকলে দাবী কৰিছে যে আগন্তুক কেইবছৰমানৰ ভিতৰত বিশ্বৰ বৰফ আৰু অধিক গলিব (World’s snow will melt even more)। ফলত দিনটোৰ সময়সীমাও বৃদ্ধি পাব। ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিব পৃথিৱীৰ মানুহৰ ওপৰত।













