ASSM TIMES POST,অজন্তা তালুকদাৰ, বোকাখাতঃ ধনশিৰি-ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠই বিপদসীমা অতিক্ৰম কৰিছে। পুনৰবাৰ বানপানীৰ আশংকাই গ্ৰাস কৰিছে অসমৰ বন্যাৰ্ত ৰাইজৰ লগতে কাজিৰঙা আৰু বোকাখাতবাসীকো। কেন্দ্ৰীয় জল আয়োগৰ তথ্য মতে অৰুণাচল প্ৰদেশৰ ইনকিয়ং আৰু বলেঙত ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ পুনৰ বৃদ্ধি পাইছে৷
যোৱা ২৪ জুলাইত দিনৰ ভাগত ইনকিয়ঙত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ ০.৪০ মিটাৰ আৰু বলেঙত জলপৃষ্ঠ ০.৫০ মিটাৰ বৃদ্ধি পাইছে আৰু পানী বাঢ়ি আছে৷ ইয়াৰ বাবে অহা ৪৮ ঘন্টাত নামনিৰ পাচিঘাট, ডিব্ৰুগড় , নিমাতীঘাট আৰু ধনশিৰিত পুনৰ জলপৃষ্ঠ বৃদ্ধি পাব৷ ধনশিৰিমুখত বিপদসীমা অতিক্ৰম কৰিব৷ ২৪ জুলাইৰ বিয়লি পোৱা তথ্য মতে উক্ত দিনৰ ভাগত ধনশিৰিমুখত জলপৃষ্ঠ ০.০২ মিটাৰ বাঢ়িছে আৰু জলপৃষ্ঠই বিপদসীমাৰ অতিক্ৰম কৰিছে৷ অহা ১২ ঘন্টাত পানী আৰু বঢ়াৰ সম্ভাৱনা আছে৷













