ASSAM TIMES POST,গোলাঘাটঃ প্ৰলংকাৰী বানে ইতিমধ্যে অসমৰ প্ৰায় ৩১ খন জিলা প্লাৱিত কৰিছে। গোলাঘাট জিলাৰ অন্তৰ্গত বোকাখাত, দেৰগাঁওৰ ব্ৰহ্মপুত্ৰ অঞ্চলত বানে ৰাইজৰ বহু ক্ষতি সাধন কৰিছে। তেনে সময়তে “অংগীকাৰ ফাইণ্ডেশ্ব নৰ্থ ইষ্ট “আৰু অংগীকাৰ ফাউণ্ডেশ্বন গোলাঘাট জিলা শাখাৰ উদ্যোগত সভানেত্ৰী অনিন্দিতা দাসৰ নেতৃত্বত গোলাঘাটৰ দেৰগাঁৱৰ ভীমপৰা, সাকোপৰা, কৰৈগুৰি, বিলতিয়া, চিৰিচটিকা, চৰাইচাপৰি, শিকলিচাপৰিৰ লগতে নুমলীগড়, কুৰুৱাবাহী, বোকাখাত আদিকে ধৰি কেইবাটাও অঞ্চলৰ প্ৰায় ৭০০ শতাধিক বানাক্ৰান্ত ৰাইজক সাহায্য প্ৰদান কৰে। লগতে কুৰুৱাবাহী শিবিৰত প্ৰায় ৩০০ লোকক লঘু আহাৰ নিজ হাতে ৰান্ধি প্ৰদান কৰে। এই কাৰ্যসূচীত কেন্দ্ৰীয় সম্পাদিকা পম্পী হাজৰিকা, সাংস্কৃতিক সম্পাদক নিতুল দাসৰ লগতে গোলাঘাট জিলাৰ শাখাৰ দুৰ্লভ পাঠক, সংগ্ৰামজীৎ দাস আদি উপস্থিত থাকে। সংগঠনটোৱে অসমৰ বান পৰিস্থিতিৰ স্থায়ী সামাধনৰ বাবে কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্য চৰকাৰক দাবী জনায়৷













