![]()
প্ৰেমিকৰ সৈতে খোজকাঢ়ি গৈ থকা অৱস্থাত এগৰাকী বিশেষভাৱে সক্ষম যুৱতী (Disable Girl)ক তিনি দুষ্কৃতিকাৰীয়ে আক্ৰমণ কৰে। প্ৰেমিকক প্ৰহাৰ কৰি যুৱতীগৰাকীক ধৰ্ষণ (Rape) কৰাৰ অভিযোগত তিনি অভিযুক্তক গ্ৰেপ্তাৰ (Three accused arrested) কৰি জে’ললৈ প্ৰেৰণ। ঘটনাটো সংঘটিত হৈছে পশ্চিমবংগৰ বৰ্ধমানত।
আৰক্ষীৰ সূত্ৰ অনুসৰি, যোৱা ৭ আগষ্টত বৰ্ধমান নৱদ্বীপ ৰোডৰ এঠাইলৈ ফুৰিবলৈ গৈছিল প্ৰেমিকৰ সৈতে যুৱতীগৰাকী। তেওঁ আংশিকভাৱে অক্ষম। সেই সময়তে তিনিও অভিযুক্তই আহি তেওঁলোকক ঘেৰি ধৰে। আহাতে, আপত্তিজনক অৱস্থাত তেওঁলোকক উদ্ধাৰ কৰাৰ অজুহাত দেখুৱাই দুষ্কৃতিকাৰীকেইজনে তেওঁলোকৰ পৰা ধনদাবী কৰিবলৈ আৰম্ভ কৰে।
কিন্তু টকা নাই বুলি কোৱাত যুৱতীগৰাকীক ধৰ্ষণ কৰিবলৈ চেষ্টা কৰে। আনহাতে, যুৱকজনে বাধা দিবলৈ চেষ্টা কৰে যদিও তেওঁ বিফল হয় আৰু তেওঁক মাৰপিট কৰে। অভিযোগ অনুসৰি যুৱতীগৰাকীক তিনিওৱে মিলি ধৰ্ষণ কৰে।

এই ঘটনাৰ তিনিদিন পিছত পিছত ভুক্তভোগীয়ে পিতৃ-মাতৃৰ সৈতে গৈ বৰ্ধমান মহিলা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। অভিযুক্তৰ বিৰুদ্ধে ধৰ্ষণ আৰু ধনদাবীৰ অভিযোগ উত্থাপন কৰে। এই অভিযোগ লাভ কৰাৰ পিছতে আৰক্ষীয়ে শক্তিগড়ৰ পৰা আটক কৰে তিনিওজন অভিযুক্তক। বৰ্তমান তেওঁলোক জে’লত আছে।
ইতিমধ্যে ভুক্তভোগীৰ বক্তব্য লিপিবদ্ধ কৰি চিকিৎসা পৰীক্ষা সম্পন্ন কৰা হৈছে। পূব বৰ্ধমান জিলা আৰক্ষী অধীক্ষক অমনদীপে কয় যে মহিলা আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ পিছতে আৰক্ষীয়ে ক্ষিপ্ৰ ব্যৱস্থা গ্ৰহণ কৰে। ঘটনাস্থলীৰ সমীপৰ তিনিখন আৰক্ষী থানাক সক্ৰিয় কৰি সেই নিশাতেই তিনিওজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হয়। ইয়াৰ বাবে এটা বিশেষ দলো গঠন কৰা হৈছে।











