![]()
নিউজ ডেস্কঃ
ৰাজ্যত আন এগৰাকী যুৱতী দলবদ্ধ ধৰ্ষণৰ বলি হ’ল। বাক্সা জিলাৰ বৰবৰী আৰক্ষী থানাৰ অন্তৰ্গত বাগানপাৰাৰ উত্তৰপাৰাত এগৰাকী যুৱতীক দলবদ্ধ ধৰ্ষণ কৰি নৃশংসভাৱে হত্যা কৰা হৈছে। আজি পুৱা যুৱতী গৰাকীৰ মাতৃয়ে তাই শুৱাপাটীত নেদেখি বিচাৰ খোচাৰ আৰম্ভ কৰাত পৰিয়ালৰ কাষতে থকা ধাননি পথাৰত উলংগ অৱস্থাত নিজ কন্যাৰ মৃতদেহ প্ৰত্যক্ষ কৰে মাতৃয়ে।
ঘটনা সংঘটিত হোৱা ততাতৈয়াকৈ আৰক্ষী উপস্থিত হৈ দণ্ডাধীশৰ উপস্থিতিত মুছলপুৰত মতণোত্তৰ পৰীক্ষাৰ মৃতদেহটো প্ৰেৰণ কৰে। উল্লেখ্য যে, বৰ্তমানলৈকে অভিযুক্তক আটক কৰিব পৰা হোৱা নাই।
সম্পূৰ্ণ নগ্ন অৱস্থাত ধাননি পথাৰত উদ্ধাৰ হোৱা যুৱতীগৰাকীৰ মৃতদেহটো প্ৰত্যক্ষ কৰি যুৱতীগৰাকী দলবদ্ধ ধৰ্ষণৰ বলি হোৱা বুলি পৰিয়ালৰ লোকে সন্দেহ ব্যক্ত কৰাৰ লগতে পৰিয়ালে অভিযোগ কৰা মতে নিশাই যুৱতীগৰাকীক দুৰ্বৃত্তই শোৱাপাটীৰ পৰা তুলি আনি দলবদ্ধভাৱে ধৰ্ষণ কৰি হত্যা কৰিছে । ইফালে এই জঘন্য ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দি দোষীক কৰায়ত্ত কৰি উচিত প্ৰদান কৰিবলৈ আৰক্ষী প্ৰশাসনক দাবী জনাইছে আদিবাসী ছাত্ৰ সন্থাই।













