এটকাৰ বিনিময়ত প্রতি হেক্টৰ ভূমিত বতৰৰ ফচলৰ ওপৰত বীমাৰ সুবিধা কৃষকক
ASSAM TIMES POST, জিতেন বৰকটকী,নগাঁও: কৃষকে অতি কষ্টৰে কৰা বতৰৰ খেতিসমূহ বিভিন্ন কাৰণত অনিষ্ট হলে তাৰ উচিত মূল্য লাভ কৰাৰ বাবে চৰকাৰে কৃষকৰ বাবে কেতবোৰ উন্নয়ন মূলক আঁচনি ৰূপায়ণ কৰি আহিছে। ভাৰত চৰকাৰৰ উদ্যোগত অসম চৰকাৰ আৰু এগ্ৰিকালচাৰ ইঞ্চিওৰেন্স কোম্পানীৰ সহযোগত এইবাৰো চলিত বৰ্ষৰ বতৰ ভিত্তিক শস্য বীমা আঁচনি প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। ইতিমধ্যে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো কৃষক সকলৰ বাবে চলিত বৰ্ষৰ বতৰ ভিত্তিক শস্য বীমা আঁচনি প্ৰদানৰ ব্যৱস্থা কৰা হৈছে।নগাঁও জিলাতো ইতিমধ্যে ১ হেক্টৰ ভূমিত ১ টকাৰ বিনিময়ত প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা কৃষকক সুবিধা প্ৰদানৰ বাবে নগাঁও জিলা কৃষি বিভাগেও ব্যৱস্থা গ্ৰহন কৰিছে। চলিত বৰ্ষত নগাঁও জিলাত ২১ হেজাৰ আৰু অবিভক্ত হোজাই জিলাত ১৬ হেজাৰ কৃষকক প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ আওতাত অনা হব বুলি নগাঁও জিলা কৃষি বিভাগৰ তৰফৰ পৰা জানিবলৈ দিয়ে।প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা,কিষান ক্ৰেডিট কাৰ্ডকে ধৰি কৃষকৰ বিভিন্ন আঁচনি সম্পৰ্কত কালি নগাঁও জিলা কৃষি বিভাগত এখনি সভা অনুষ্ঠিত হয়। নগাঁও জিলা কৃষি বিষয়া অশোক শৰ্মা খাউণ্ডৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত নাৰ্বাডৰ জিলা উন্নয়ণ প্ৰবন্ধক অলকেশ দে, নাৰ্বাডৰ এল ডি এম গৌৰাঙ্গ দাস, মহকুমা কৃষি বিষয়া তথা নডেল বিষয়া ৰবিজিত দত্ত চৌধুৰী, নগাঁও জিলা কৃষি বিভাগৰ সহকাৰী সঞ্চালক তৰুণ হাজৰিকা, মীন বিভাগ,পশুপালন বিভাগ বিষয়া, এগ্ৰিকালচাৰ ইঞ্চিওৰেন্স কোম্পানী আদিৰ বিষয়াবৰ্গৰ লগতে কৃষি বিভাগৰ বিভিন্ন বিষয়া কৰ্মচাৰী উপস্হিত থাকে।সভাত কিদৰে সহজভাৱে কৃষকসকলক তেওঁলোকৰ সুবিধা সমূহ প্ৰদান কৰা হব তাৰ ওপৰত আলোচনা কৰা হয়।উল্লেখ্য ,প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ জৰিয়তে কৃষক সকলে ১ টকাৰ বিনিময়ত ১ হেক্টৰ মাটিত শালি ধান আৰু মাটি মাহৰ খেতিৰ ওপৰত বীমা কৰিব পাৰিব।বানপানী , খৰাং, পোকে অনিষ্ট কৰাকে ধৰি বিভিন্ন কাৰণত যদি কৃষকৰ খেতি অনিষ্ট হয় তেতিয়া বীমাকৰনৰ জৰিয়তে কৃষকসকলে শালি ধানৰ ক্ষেত্ৰত প্ৰতি হেক্টৰ ভূমিত ৫৯,৪০০ টকা আৰু মাটি মাহৰ ক্ষেত্ৰত প্ৰতি হেক্টৰ ভূমিত ৩১ হেজাৰ টকা লাভ কৰিব।আনহাতে কিষান ক্ৰেডিট কাৰ্ডৰ জৰিয়তে নগাঁও জিলাত ৪৮ হেজাৰ কৃষকক বেংকৰ যোগেদি কৃষি ঋণ প্ৰদান কৰা হব বুলি কৃষি বিভাগে জানিবলৈ দিয়ে।প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা সম্পৰ্কত কৃষকৰ মাজত এই বীমা আঁচনি ৰূপায়ণ কৰাৰ উদ্দেশ্যে নগাঁও জিলা কৃষি বিভাগে নগাঁও জিলা আৰু হোজাই জিলাত কৃষক সকলৰ প্ৰপত্ৰ পূৰণৰ কাম আৰম্ভ কৰিছে।













