ASSAM TIMES POST,অজন্তা তালুকদাৰ, বোকাখাতঃসংস্কৃতি নগৰী বোকাখাত। বিগত সুদীৰ্ঘ এচোৱা সময়ৰ বোকাখাতৰ সংস্কৃতিৰ সফল লেখ বুলিলে নাটকৰ কথা বিশেষভাৱে আহি পৰে। অতিৰিক্ত নহয় যে বোকাখাতৰ প্ৰায় প্ৰতিটো শিশুৰ ব্যক্তিত্ব গঠনত আন সাংস্কৃতিক প্ৰভাৱৰ লগতে নাটকৰ বিশেষ ভূমিকা আছে। বোকাখাতৰ গেঁৰ ধৰা সাংস্কৃতিক পথাৰখনে সৃষ্টি হৈছে অসমৰ একো একোজন স্বনামধন্য নাট্যকৰ্মীৰ।
বোকাখাতৰ “কলাজ” নামৰ অনুষ্ঠানটোৱে কৰ্মশালা, একক অভিনয়-মুকাভিনয় প্ৰতিযোগিতা ইত্যাদি কাৰ্যসূচী ৰূপায়ণৰ দ্বাৰা বোকাখাতৰ নাট্যক্ষেত্ৰলৈ অৱদান যোগাব পৰাকৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে ।
চলিত বছৰতো কলাজে অনুৰূপ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰিছে। যোৱা ২৩ জুনত কলাজ, বোকাখাত শাখাৰ উদ্যোগত দ্বিতীয় বাৰ্ষিক সদৌ অসম একক অভিনয় প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। আনহাতে বোকাখাতত কলাজ নাট্যগোষ্ঠীৰ উদ্যোগত যোৱা ১০ জুলাইৰ পৰা অহা ৩০ জুলাইলৈ চলিব লগীয়া গ্ৰীষ্মকালীন নাট কৰ্মশালা অনুষ্ঠিত হৈ আছে। এই কৰ্মশালাত বিশেষকৈ কন কন শিশু আৰু চেমনীয়া সকলক নাট্যকলাৰ আভাস দি আগবঢ়াই নিবলৈ প্ৰচেষ্টা হাতত লোৱা হৈছে।
কৰ্মশালাখনিত যথাক্ৰমে অসমৰ বিশিষ্ট নাট পৰিচালক আৰু ভালেসংখ্যক অসমীয়া চলচিত্ৰৰ সহকাৰী পৰিচালক তথা কলাজ, অসমৰ সভাপতি ৰোণাল্ড হুছেইন, বিশিষ্ট কবি-নাট্যকাৰ-অভিনেতা অমৰ শৰ্মা, কলাজ বোকাখাতৰ বৰ্তমানৰ উপদেষ্টা তথা বিশিষ্ট অভিনেতা-নাট পৰিচালক নিৰজমনি বৰা, কলাজ বোকাখাতৰ সম্পাদক তথা নাট্যকৰ্মী চিলমিল সপোন হাজৰিকা, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰিৱেশ্য কলা বিষয়ৰ স্নাতকোত্তৰ তথা নাট্যকৰ্মী তৰুণ তীৰ্থ শইকীয়া, চিক্কিম এন এচ ডিয়ান তথা নাট্যকৰ্মী অবিনাশ শৰ্মাই প্ৰশিক্ষণ প্ৰদান কৰে।
আনহাতে যোৱা ২৪ জুলাইত কলাজ নাট্যগোষ্ঠীৰ আমন্ত্ৰণক্ৰমে ৰং চেনেলৰ “ভাড়াঘৰ” ধাৰাবাহিকৰ মুন খ্যাত যশস্বী অভিনেতা দেৱাশীষ বৰঠাকুৰ কৰ্মশালাখনিত আহি উপস্থিত হয়। উল্লেখযোগ্য যে আন প্ৰশিক্ষাৰ্থী সকলৰ লগতে বোকাখাত নিৰ্মান গোটৰ তত্বাৱধানত পৰিচালিত বোকাখাত অনাথ আশ্ৰম নিবাসী ছাত্ৰ ছাত্ৰী সকলেও এই কৰ্মশালাত বিনামূলীয়া নাট প্ৰশিক্ষণ লাভ কৰাৰ সুযোগপ্ৰাপ্ত হয়। কৰ্মশালাৰ অন্তত কলাজ নাট্যগোষ্ঠীৰ উদ্যোগত প্ৰশিক্ষণ প্ৰাপ্ত প্ৰশিক্ষাৰ্থী সকলৰ দ্বাৰা মুকাভিনয় আৰু নাটকৰ এক প্ৰদৰ্শনী অনুষ্ঠিত কৰা হ’ব, লগতে কলাজ নাট্যগোষ্ঠীৰ তৰফৰ পৰা প্ৰশিক্ষাৰ্থীসকলক আনুষ্ঠানিকভাৱে একোখনিকৈ প্ৰমাণ পত্ৰ প্ৰদান কৰা হ’ব বুলি জানিব পৰা গৈছে।












