ASSAM TIMES POST,অজন্তা তালুকদাৰ, বোকাখাতঃ টাই আহােম যুৱ পৰিষদ অসমৰ কামৰূপ মহানগৰ জিলা সমিতিৰ উদ্যোগত ২৪ জুলাইত বােকাখাত মহকুমাৰ কাজিৰঙাৰ অগৰাতলি আৰু বিভিন্ন ঠাইত বানপীড়িত ৰাইজক বান সাহায্য প্রদান কৰা হয়। কেন্দ্রীয় সমিতিৰ প্ৰচাৰ সম্পাদক গুণকান্ত গগৈ আৰু কামৰূপ জিলাৰ সমিতিৰ সভাপতি অজিত দেউঘৰীয়া আৰু যুটীয়া সম্পাদক বিজয় সন্দিকৈৰ লগত অহা কামৰূপ জিলাৰ সজাতি দলটিক লগ দিয়ে কেন্দ্রীয় সমিতিৰ সম্পাদক মৃদুল বাইলং ফুকন, সহঃ সম্পাদক শ্যমন্ত গগৈ, বােকাখাত মহকুমা সমিতিৰ হৈ সভাপতি পংকজ গগৈ আৰু সম্পাদক মাধুর্য গগৈয়ে। টাইপাৰ কেন্দ্রীয় সম্পাদক মৃদুল বাইলুং ফুকনে কাজিৰঙা অগৰাতলীৰ বেলগুৰিৰ মথাউৰিৰ ওপৰত শিবিৰত থকা বানত জৰ্জৰিত ৰাইজক খাদ্য সামগ্রী বিতৰণ কৰি শুভাৰম্ভ কৰে। লগতে টাইপাৰ প্ৰচাৰ সম্পাদক গুণকান্ত গগৈ আৰু অজিত দেউঘৰীয়াই উপস্থিত থাকি বানপীড়িত ৰাইজৰ সবিশেষ বুজ লয়। লগতে প্রচাৰ সম্পাদকগৰাকীয়ে সংবাদ মাধ্যমিক জানিবলৈ দিয়ে যে অগৰাতলীৰ ৰাইজক প্রশাসনৰ ফালৰ পৰা যিহেতু পর্যাপ্ত অত্যাৱশ্যকীয় সা-সামগ্রী বানপীড়িতসকলে লাভ কৰা নাই। সেয়েহে অতি শীঘ্ৰে সাহায্য সামগ্রী প্রয়োজনীয় স্বাস্থ্যসেৱা মুকলি কৰি দিবৰ বাবে টাইপাৰ ফালৰপৰা মহকুমা প্রশাসনলৈ দাবী জনায়। যিহেতু অসমৰ ৰাইজ কৃষিৰ ওপৰত নিৰ্ভৰশীল হৈ যােৱা বানৰ বাবে হাজাৰ হাজাৰ হেক্টৰ কৃষি ভূমি বৰ্তমান বালি তলত বুৰ গৈ আছে। টাই আহােম যুৱ পৰিষদ অসমৰ তৰফৰ অসমৰ মুখ্যমন্ত্রী আৰু কৃষি মন্ত্রীক এই বানত পীড়িত লােকসকলক পুনৰ সংস্থাপনৰ বাবে বিশেষ পুজি আৱণ্টন কৰিবৰ বাবে দাবী জনােৱা হয় আৰু অসমৰ বান সমস্যা ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি প্রদান কৰিবৰ বাবে কেন্দ্রীয় চৰকাৰক অনুৰােধ জনাব লাগে। আজি এই বান সাহায্যৰ সজাতি দলত উপস্থিত থাকে বিশ্বজিত ফুকন, ভাস্কৰ দিহিঙ্গীয়া, দীপঙ্কৰ চাংমাই, জ্যোতি প্রসাদ কোঁৱৰ, তপন মোহন, ৰাকেশ ফুকন, মুকুল গগৈৰ লগতে বােকাখাতৰ সংবাদ কৰ্মীসকল, সেই অঞ্চলৰ সচেতন যুৱক বিতােপন পেণ্ড আৰু স্থানীয় ৰাইজে বিশেষভাৱে সঁহাৰি জনায়।













