১২ মিনিটৰ ভিতৰতে চাৰিটাকৈ ভূমিকম্প হয় মহাৰাষ্ট্ৰৰ পালঘৰ জিলাত৷ এই ভূমিকম্পত এগৰাকী মহিলা নিহত হয় বুলি প্ৰাপ্ত তথ্যত প্ৰকাশ৷ ভূমিকম্পত এটা ঘৰ খহি পৰাৰ ফলতে মহিলাগৰাকীৰ মৃত্যু হয়৷ এই ঘটনাটো সংঘটিত হয় ৰাজ্যখনৰ দাহানো অঞ্চলত৷

উল্লেখযোগ্য যে প্ৰথমটো ভূমিকম্প হয় নিশা ১.০৩ বজাত৷ ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাৱল্য আছিল ৩.৮৷ ইয়াৰ পাছতে আন তিনিটা ভূমিকম্প হয়৷ নিশা ১.১৫ বজালৈকে হোৱা ভূমিকম্পৰ প্ৰাৱল্য ক্ৰমে ৩.৬, ২.৯ আৰু ২.৮ আছিল৷ উল্লেখযোগ্য যে ভূমিকম্পৰ সময়ত ধাৰাসাৰ বৰষুণ দিয়াত বাসিন্দাসকল বাহিৰলৈ ওলাই অহাত সমস্যাৰ সৃষ্টি হয়৷












