
উত্তৰ প্ৰদেশৰ বিজেপি নেতা তথা মোৰাদাবাদৰ মেয়ৰ বিনোদ আগৰৱালে (Binod Agarwal) ৰক্তদান শিবিৰত ৰক্তদান কৰিবলৈ গৈছিল। অভিযোগ অনুসৰি, তেওঁ বিছনাত শুই ৰক্তদান কৰিবলৈ ওলাই বেজীটো দেখি উঠি যায়। বেজীৰ ভয়তে তেওঁ ৰক্তদান নকৰাকৈ যায় ।

এই বিষয়টোৱে এতিয়া বিতৰ্কৰ সৃষ্টি কৰিছে। আনহাতে, বিভিন্ন মহলত তেওঁ কটুক্তিৰো বলি হৈছে। অৱশ্যে বিতৰ্কৰ পিছত ৰক্তদান নকৰাৰ কাৰণো তেওঁ ব্যাখ্যা কৰে।
উল্লেখ্য যে ১৭ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন উপলক্ষে উত্তৰ প্ৰদেশৰ বিভিন্ন স্থানত ৰক্তদান শিবিৰৰ আয়োজন কৰা হয়। মোৰাদাবাদত আয়োজন কৰা এনে এটা শিবিৰত মেয়ৰে নিজেই ৰক্তদান কৰিবলৈ যায়। এটা ভিডিঅ’ত দেখা গৈছে যে মেয়ৰে ৰক্তদান কৰিবলৈ এখন নিৰ্দিষ্ট বিছনাত শুইছিল।
উপস্থিত চিকিৎসকে তেওঁৰ ৰক্তচাপৰ পৰিমাণ জোখে। ইয়াৰ পিছত কিন্তু তেওঁ তেজ নিদিয়াকৈয়ে তাৰ পৰা উঠি আহে। অভিযোগ অনুসৰি, চিকিৎসকে ৰক্ত উলিয়াবলৈ বেজীও হাতত লৈছিল। কিন্তু মেয়ৰে তেজ দিবলৈ অস্বীকাৰ কৰে।
এই ভিডিঅ’টো ভাইৰেল হৈ পৰাৰ লগে লগে নেতাগৰাকীক বিভিন্ন পক্ষই কটুক্তি কৰে। পিছত অৱশ্যে এই ঘটনাৰ ব্যাখ্যা দি তেওঁ কয় যে তেওঁ এজন মধুমেহ ৰোগী। তেওঁৰ ব্লাড ছুগাৰ লেভেল অতি বেছি। চিকিৎসকে তেওঁৰ ছুগাৰ থকা বুলি জানিব পাৰি তেজ নিদিবলৈ পৰামৰ্শ দিয়ে। ইয়াৰ পিছতে তেওঁ ৰক্তদান নকৰাকৈ বিছনাখনৰ পৰা উঠি আহে।
কিন্তু বিৰোধীয়ে এই কথা মানি ল’বলৈ অনিচ্ছুক। তেওঁলোকৰ অভিযোগ, বিনোদে কেৱল ফটো তুলিবলৈহে ৰক্তদান শিবিৰলৈ গৈছিল। আনহাতে, বিৰোধীৰ অভিযোগ অস্বীকাৰ কৰে বিজেপি নেতাগৰাকীয়ে। এই ভিডিঅ’টো বিৰোধীয়ে তেওঁক ষড়যন্ত্ৰ কৰি বদনাম কৰিবলৈ প্ৰচাৰ কৰা বুলি দাবী কৰে।











