
কাৰ্বি আংলঙত অব্যাহত আছে পৌৰসভাৰ কৰ্মচাৰীৰ প্ৰতিবাদ। কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ ৯ পৌৰসভাৰ কৰ্মচাৰীয়ে বিগত ৮৪ মাহ ধৰি দৰমহাৰ পৰা বঞ্চিত হৈ আহিছে।

ফলত তেওঁলোকৰ আৰ্থিক অৱস্থা শোচনীয় হৈ পৰিছে৷ যাৰ বাবে বকেয়া প্ৰদানৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিবলগা হৈছে। লগতে কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ অন্তৰ্গত পৌৰসভাৰ কৰ্মচাৰীসকলৰ মাজত অনাদায় বকেয়াক লৈ তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে।
ফলত দীৰ্ঘদিন ধৰি নিয়মীয়া দৰমহা আৰু বকেয়া ধন লাভ নকৰাৰ বাবে তেওঁলোকে প্ৰতিবাদত বহাৰ সিদ্ধান্ত গ্ৰহণ কৰি অল কাৰ্বি আংলং মিউনিচিপাল ব’ৰ্ড এমপ্লয়ীজ এছ’চিয়েচনে ধাৰাবাহিক প্ৰতিবাদৰ কাৰ্যসূচী ঘোষণা কৰিছে।

উল্লেখযোগ্য যে সংগঠনটোৱে গ্ৰহণ কৰা সপ্তাহজোৰা প্ৰতিবাদৰ কাৰ্যসূচীৰ আজি অন্ত পৰিব যদিও ইয়াৰ ফল কি হ’ব এতিয়াও জানিব পৰা হোৱা নাই। কিন্তু কৰ্তৃপক্ষই যদি এই ক্ষেত্ৰত কোনো সমাধান সূত্ৰ নোলায় তেন্তে ১ জুলাইৰ পৰা পুনৰ ৪ দিনীয়া প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ দিছে।
উল্লেখ্য যে কাৰ্বি পৰিষদৰ অন্তৰ্গত ৯ টাকৈ পৌৰসভাৰ কৰ্মচাৰীয়ে বিগত ১৪ মাহৰ পৰা ৮৪ মাহ ধৰি নিয়মীয়া দৰমহাৰ লগতে বকেয়া লাভ কৰা নাই৷ এই সন্দৰ্ভত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যৰ পৰা আৰম্ভ কৰি প্ৰধান সচিবলৈকে বাৰম্বাৰ স্মাৰক-পত্ৰ প্ৰদান কৰিছে যদিও কোনো ফল নোপোৱাৰ অভিযোগ কৰিছে কৰ্মচাৰীসকলে।
জানিব পৰা মতে, জিলা পৌৰসভাৰ ৩৬০ গৰাকী কৰ্মচাৰীয়ে ২৫ মাহৰো অধিক সময় ধৰি দৰমহা পোৱা নাই৷ ফলত চহৰৰ চাফাই অভিযান আৰু অন্যান্য কাম-কাজ স্তব্ধ হৈ পৰিছে।
আনহাতে, কৰ্তৃপক্ষই যদি কৰ্মচাৰীসকলৰ দাবী সন্দৰ্ভত কোনো সঁহাৰি নিদিয়ে তেন্তে ১ জুলাইৰ তীব্র আন্দোলনৰ লগতে ২৯ জুলাইত কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ ডিফুৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত বৃহৎ প্ৰতিবাদৰ সকীয়নি প্ৰদান কৰিছে৷













