
আজি বোকাখাতৰ মহকুমাধিপতি কাৰ্যালয়ৰ সভাগৃহত অনুষ্ঠিত এক সভাত বোকাখাতৰ নৱনিযুক্ত মহকুমাধিপতি (Newly appointed Sub-Divisional Magistrate of Bokakhat) ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া শিৱানী জেৰ্ণগল (Shivani Jerngal)ক মহকুমা প্ৰশাসনৰ বিষয়া আৰু মহকুমাধিপতি কাৰ্যালয়ৰ কৰ্মচাৰীসকলে ফুলাম গামোচাৰে আদৰণি (Welcome) জনায়।

মহকুমাধিপতিগৰাকীয়ে সভাত কাৰ্যালয়ৰ প্ৰতিটো বিভাগৰ বিষয়া-কৰ্মচাৰীৰ সৈতে চিনাকি হয়। প্ৰতিটো বিভাগৰ বাবে আৱন্টিত কামসমূহ নিষ্ঠা সহকাৰে আৰু নিৰ্দিষ্ট সময়ত সমাপন কৰিবলৈ মহকুমাধিপতিগৰাকীয়ে সকলোকে আহ্বান জনায়। এইক্ষেত্ৰত তেওঁ প্ৰতিগৰাকী বিষয়া-কৰ্মচাৰীৰ সহযোগিতা কামনা কৰে।













