
সমাগত উৎসৱৰ বতৰ। এই বতৰত প্ৰায় ৬০০০ বিশেষ ৰে’ল চলাচল কৰাৰ পৰিকল্পনা কৰিছে ৰে’লৱেই। আৰু কিছুদিনৰ পিছত আৰম্ভ হ’ব উৎসৱৰ বতৰ। ৰে’লৱেৰ সূত্ৰ অনুসৰি, দুৰ্গা পূজা, দীপাৱলী আৰু ছট পূজাৰ কথা মনত ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

প্ৰতি বছৰে উৎসৱৰ বতৰত দীৰ্ঘ দূৰত্বৰ ৰে’লত যাত্ৰীৰ ভিৰ হয়। সেই ভিৰ চম্ভালিবলৈ ৰে’লৱেই প্ৰতিবাৰেই অতিৰিক্ত ৰে’ল চলোৱাৰ উদ্যোগ লয়। এইবাৰো একেটা বাটতে খোজকাঢ়িছে। কেৱল সেয়াই নহয়, ৰে’লৱেৰ সূত্ৰ মতে, যোৱা বছৰৰ তুলনাত এই বছৰ প্ৰায় ১৫০০খন বিশেষ ৰে’ল বেছি হ’ব পাৰে।










