ASSAM TIMES POST,গোলাঘাটঃ গোলাঘাটৰ নয়নমনি নৃত্যাজ্ঞলী কলাকেন্দ্ৰৰ উদ্যোগত ৮ জুলাইৰ পৰা ২২ জুলাইলৈ ১৫ দিনীয়া সত্ৰীয়া আৰু সৃষ্টিশীল নৃত্যৰ এক গ্ৰীষ্মকালীন কৰ্মশালাৰ অনুষ্ঠিত হয়৷ সেই উপলক্ষে গোলাঘাটৰ সতী সাধনী কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত ২৩ জুলাইত কৰ্মশালাৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হয় | এই অনুষ্ঠানৰ আৰম্ভণিতে সত্ৰীয়া সংস্কৃতিৰ একনিষ্ঠ সেৱক, অসম সত্ৰীয়া শিক্ষক সমাজৰ যুটীয়া সম্পাদক সদা হাজৰিকাই বন্তি প্ৰজ্বলন কৰে আৰু উদ্বেধনী ভাষন আগবঢ়ায় |
ইয়াৰ পাছতে বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকি জ্যেষ্ঠ সাংবাদিক তথা পৰিৱেশকৰ্মী অপূৰ্ব বল্লভ গোস্বামী আৰু শংকৰী সংগীত বিদ্যাপীঠৰ সচিব মৃদুল কুমাৰ বৰাই বক্তব্য প্ৰদান কৰে৷ অনুষ্ঠানত ১৫ দিনীয়া কৰ্মশালাত অংশগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলে “কেলি কৰে” বৰগীতটিৰ আধাৰত এটি নৃত্য, চালি নৃত্য, ঝুমুৰা ,বালক কৃষ্ণ নৃত্য, নাদুভঈী আদি পৰিবেশন কৰাৰ লগতে কেইবাটাও আধুনিক গীতৰ আধাৰত নৃত্য পৰিবেশন কৰে৷ মাজতে নয়নমনি শৰ্মাক গুৰু সেৱা আৰু গুৰু বিৰেণ কলিতাক সম্বৰ্ধনা জনায়৷ কৰ্মশালাখনিত মাজুলীৰ কমলাবাৰী সত্ৰৰ সত্ৰীয়া নৃত্যৰ স্নাতকোত্তৰ জিতুমনি শইকীয়া আৰু গোলাঘাটৰ উদীয়মান নৃত্যশিল্পী নয়নমনি শৰ্মা (নৃত্য বিশাৰদ)ই প্ৰশিক্ষন প্ৰদান কৰে৷













