
১৭ অক্টোবৰত উচ্চতম ন্যায়ালয়ে কৰিব এক গুৰুত্বপূৰ্ণ ৰায়দান।6-A ধাৰাক প্ৰত্যাহ্বান জনাই অসম সন্মিলিত মহাসংঘই তৰিছিল গোচৰ। মহাসংঘৰ গোচৰৰ ৰায়দান কৰিব মুখ্য ন্যায়াধীশ ধনঞ্জয় যশৱন্ত চন্দ্ৰচূড়ে।ধাৰা ১৯৫৫ৰ৬-Aৰ আৱেগিক প্ৰভাৱ আৰু নাগৰিকত্ব আইনৰ বৈধতাক প্ৰত্যাহ্বান জনাই পাঁচজনীয়া বিচাৰপীঠত ন্যায়াধীশ সূৰ্য্য কান্ত, এম.এম. সুন্দৰেশ, জে.বি. পাৰদিৱালা, আৰু মনোজ মিশ্ৰই বিস্তৃত যুক্তি শুনানিৰ পিছত যোৱা বছৰৰ ডিচেম্বৰ মাহত নিজৰ ৰায় সংৰক্ষণ কৰি ৰাখিছিল।

বিচাৰপীঠত চলা কাৰ্য্যৰ সময়ত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক উত্তৰ-পূবৰ ৰাজ্য, বিশেষকৈ অসমলৈ অবৈধ অনুপ্ৰৱেশ ৰোধৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৰ বিষয়ে প্ৰশ্ন কৰে। নাগৰিকত্ব আইনৰ ধাৰা ৬-A(২)ৰ অধীনত ১৯৬৬ চনৰ ১ জানুৱাৰীৰ পৰা ১৯৭১ চনৰ ২৫ মাৰ্চলৈকে অসমত নাগৰিকত্ব প্ৰদান কৰা বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ সংখ্যাৰ বিশদ বিৱৰণ কেন্দ্ৰীয় আৰু অসম চৰকাৰৰ পৰা যৌথ শপতনামা বিচাৰি আদালতে অনুৰোধ জনায়।
ইয়াৰ উত্তৰত ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই স্বীকাৰ কৰে যে অবৈধ অনুপ্ৰৱেশকাৰীৰ গোপনে প্ৰৱেশ কৰাৰ বাবে সঠিক তথ্য সংগ্ৰহ কৰাটো প্ৰত্যাহ্বানজনক হৈ পৰে। উচ্চতম ন্যায়ালয়ে পূৰ্বে মূল বিষয়টোত আলোকপাত কৰিছিল যে ১৯৫৫ চনৰ নাগৰিকত্ব আইনৰ ধাৰা ৬-এ সাংবিধানিকভাৱে ত্ৰুটিপূৰ্ণ নেকি। এই ধাৰাত উল্লেখ আছে যে ১৯৬৬ চনৰ ১ জানুৱাৰীৰ পূৰ্বে নিৰ্দিষ্ট ভূখণ্ডৰ পৰা অসমত উপস্থিত হোৱা আৰু আগমনৰ পিছৰে পৰা তাত বাস কৰা ভাৰতীয় মূলৰ ব্যক্তিসকলক ১৯৬৬ চনৰ ১ জানুৱাৰীৰ পৰা ভাৰতীয় নাগৰিক বুলি গণ্য কৰা হব।










