ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Assam University Diphu Campus : অসম বিশ্ববিদ্যালয় ডিফু চৌহদত ছাত্র-ছাত্রীৰ ধর্ণা প্রদর্শন

ষ্টাফ ৰি'পৰ্টাৰঃ ডিফু

News Desk by News Desk
November 21, 2024
Reading Time: 1 min read
A A
0

RELATED POSTS

Karbi Anglong Langkhon festival : মুখ্যমন্ত্ৰীৰ উপস্থিতিত তিৱা সংস্কৃতিৰ উখল-মাখলেৰে সামৰণি পৰিল ১৯ সংখ্যক লাংখন মহোৎসৱ

West Karbi Anglong : পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছত পদত্যাগৰ ধুমুহা!

Karbi Anglong : কাৰ্বি আংলঙৰ লাংহিনত ছবি উপভোগ নোপোৱাৰ বাবে ৰাইজ উত্তেজিত, জ্বলাই দিলে চকী

New Logo Smal 4 | ASSAM TIMES POST

অসম বিশ্ববিদ্যালয় ডিফু চৌহদ (Assam University Diphu Campus)ত আজি ছাত্র-ছাত্রীয়ে ধর্ণা প্রদর্শন কৰে। বিশ্ববিদ্যালয়খনৰ মূল প্রৱেশ দ্বাৰত বিভিন্ন দাবী পূৰণৰ বাবে ছাত্র একতা সভাৰ উদ্যোগত ধর্ণা কার্যসূচী ৰূপায়ণ কৰে ছাত্র-ছাত্রীসকলে। ছাত্র সংগঠনৰ নেতাই সাংবাদিকৰ আগত কয় যে- বিশ্ববিদ্যালয়খনত নামভর্তিকৰণৰ সমস্যা উদ্ভব হৈছে। ২০২৪-২৫ বর্ষৰ বাবে খালী থকা আসনসমূহত ছাত্র-ছাত্রী ভর্তি কৰাৰ দাবী উত্থাপন কৰে। বিশ্ববিদ্যালয়খনত অধ্যয়নৰত ছাত্র-ছাত্রীসকলৰ বাবে পর্যাপ্ত বাছ সেৱা যোগান ধৰাৰ দাবী জনায়।

বিশ্ববিদ্যালয়খনলৈ ছাত্র-ছাত্রী অহা-যোৱাৰ বাবে পর্যাপ্ত বাছ সেৱা উপলব্ধ নাই বুলি প্রতিবাদী ছাত্রসকলে অভিযোগ কৰে৷ পৰীক্ষাৰ সময়ত বাছ সেৱা পর্যাপ্ত নথকাৰ বাবে ছাত্র-ছাত্রীসকলে যথেষ্ট অসুবিধাৰ সন্মুখীন হ’ব লগা হয় বুলি অভিযোগ কৰে। বিশ্ববিদ্যালয়খনৰ চৌহদত আজিলৈকে এখন খেলপথাৰ নাই বুলি উল্লেখ কৰি ক্রীড়া সপ্তাহৰ সময়ত ছাত্র-ছাত্রীসকলে আন বিদ্যালয়- মহাবিদ্যালয় অথবা কাৰ্বি আংলং ক্রীড়া সন্থাৰ খেলপথাৰ ব্যৱহাৰ কৰিব লাগে বুলিও অভিযোগ কৰে। বিশ্ববিদ্যালয় চৌহদখনত ছাত্র আৱাস নথকাৰ কথা উল্লেখ কৰি কয় যে, ২০২১ চনত ছাত্রবাস নির্মাণ কৰা হৈছে যদিও আজিলৈকে ছাত্রবাসটো মুকলি কৰা নহ’ল। ছাত্রবাসটোত আজিলৈকে কোনো আচবাব প্রদান কৰা নহ’ল বুলিও অভিযোগ কৰে।

অসম বিশ্ববিদ্যালয় ডিফু চৌহদত ছাত্র-ছাত্রীৰ ধর্ণা প্রদর্শন
অসম বিশ্ববিদ্যালয় ডিফু চৌহদত ছাত্র-ছাত্রীৰ ধর্ণা প্রদর্শন

আনহাতে, ছাত্রী আবাস ২০২৪ চনত নির্মাণ সম্পূর্ণ হ’ল লাগিছিল যদিও আজিলৈকে, ছাত্র আৱাস নির্মাণ সম্পূর্ণ নহ’ল। এতিয়া ঠিকাৰ কাম লাভ কৰা ঠিকাদাৰী প্রতিষ্ঠানে এই আৱাস ২০২৫ চনৰ জানুৱাৰীতহে নির্মাণ সম্পূর্ণ হ’ব বুলি কোৱা কার্যক ছাত্র সংগঠনটোৱে অগ্রাহ্য কৰে। বিশ্ববিদ্যালয় চৌহদত ছাত্র-ছাত্রী অনুপাতে অধ্যাপকৰ সংখ্যা যথেষ্ট কম বুলি অভিযোগ কৰি কয় যে, ছাত্র-ছাত্রী অনুপাতে চৌহদটোত শিক্ষকৰ সংখ্যা যথেষ্ট কম। যাৰ ফলত ছাত্র-ছাত্রীসকল প্রকৃত শিক্ষা লাভৰ পৰা বঞ্চিত হ’ব লগা হৈছে। ৭০-৮০ ছাত্র-ছাত্রীৰ বিপৰীতে কেৱল এগবাকী শিক্ষক থকা বুলি ছাত্র সংগঠনটোৰ নেতৃবর্গই অভিযোগ কৰে ।

ছাত্র শিক্ষকৰ অনুপাত যথেষ্ট কম বুলি অভিযোগ কৰি অতিশীঘ্রে শিক্ষক নিযুক্তিৰ দাবী তোলে বিশ্ববিদ্যালয়খনৰ ছাত্র একতা সভাই। তেওঁলোকৰ দাবী পূৰণ নহ’লে অনির্দিষ্টকালীন ধর্মঘট পালন কৰিবলৈ বাধ্য হ’ব বুলিও ছাত্র সংগঠনটোৱে হুংকাৰ দিয়ে। উল্লেখ্য যে অসম বিশ্ববিদ্যালয় ডিফু চৌহদ স্থাপিত হোবাব সময়ৰে পৰা ডিফু চৌহদত শিক্ষকৰ অনুপাত যথেষ্ট কম বুলি অভিযোগ উত্থাপিত হৈ আহিছে যদিও অসম বিশ্ববিদ্যালয় কর্তৃপক্ষই কোনো গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই। ছাত্র সংগঠনটোৰ আজিৰ পৰা হোৱা এই আন্দোলনে কর্তৃপক্ষৰ মাজত কিমান প্রভাব পেলায় সেয়া লক্ষ্যণীয় হ’ব।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: AssamUniversityDiphuডিফুঅসমবিশ্ববিদ্যালয়
Share6Tweet4Send

Related Posts

Karbi Anglong Langkhon festival : মুখ্যমন্ত্ৰীৰ উপস্থিতিত তিৱা সংস্কৃতিৰ উখল-মাখলেৰে সামৰণি পৰিল ১৯ সংখ্যক লাংখন মহোৎসৱ
KARBI ANGLONG

Karbi Anglong Langkhon festival : মুখ্যমন্ত্ৰীৰ উপস্থিতিত তিৱা সংস্কৃতিৰ উখল-মাখলেৰে সামৰণি পৰিল ১৯ সংখ্যক লাংখন মহোৎসৱ

by News Desk
October 31, 2026
50
West Karbi Anglong : পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছত পদত্যাগৰ ধুমুহা!
KARBI ANGLONG

West Karbi Anglong : পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছত পদত্যাগৰ ধুমুহা!

by News Desk
October 22, 2026
55
Karbi Anglong : কাৰ্বি আংলঙৰ লাংহিনত ছবি উপভোগ নোপোৱাৰ বাবে ৰাইজ উত্তেজিত, জ্বলাই দিলে চকী
KARBI ANGLONG

Karbi Anglong : কাৰ্বি আংলঙৰ লাংহিনত ছবি উপভোগ নোপোৱাৰ বাবে ৰাইজ উত্তেজিত, জ্বলাই দিলে চকী

by News Desk
October 20, 2026
51
KAAC session : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ অধিৱেশনত ‘চাকৰি সেৱা বিধি’ উত্থাপন
KARBI ANGLONG

KAAC session : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ অধিৱেশনত ‘চাকৰি সেৱা বিধি’ উত্থাপন

by News Desk
October 15, 2026
57
Hamren BJP joining : হামৰেণ পৰিষদীয় সমষ্টিত কংগ্ৰেছ-এপিএইছএলচিৰ ২ সহস্ৰাধিক নেতা-কৰ্মীৰ বিজেপিত যোগদান
KARBI ANGLONG

Hamren BJP joining : হামৰেণ পৰিষদীয় সমষ্টিত কংগ্ৰেছ-এপিএইছএলচিৰ ২ সহস্ৰাধিক নেতা-কৰ্মীৰ বিজেপিত যোগদান

by News Desk
October 13, 2026
61
Minister Pijush Hazarika : কৃষি-জলসিঞ্চন, লোকনিৰ্মাণ বিভাগৰ উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতি ল’বলৈ হামৰেণত মন্ত্ৰী পীযুষ হাজৰিকা
KARBI ANGLONG

Minister Pijush Hazarika : কৃষি-জলসিঞ্চন, লোকনিৰ্মাণ বিভাগৰ উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতি ল’বলৈ হামৰেণত মন্ত্ৰী পীযুষ হাজৰিকা

by News Desk
October 13, 2026
61
ADVERTISEMENT
Dhruv Rathi : ধ্ৰুৱ ৰাথীক পুনৰ আৰক্ষীৰ চমন, পুৰণি মানহানিৰ গোচৰত ৱাৰেণ্ট জাৰি দিল্লী আদালতৰ
National-International

Dhruv Rathi : ধ্ৰুৱ ৰাথীক পুনৰ আৰক্ষীৰ চমন, পুৰণি মানহানিৰ গোচৰত ৱাৰেণ্ট জাৰি দিল্লী আদালতৰ

October 31, 2026
50
Karbi Anglong Langkhon festival : মুখ্যমন্ত্ৰীৰ উপস্থিতিত তিৱা সংস্কৃতিৰ উখল-মাখলেৰে সামৰণি পৰিল ১৯ সংখ্যক লাংখন মহোৎসৱ
KARBI ANGLONG

Karbi Anglong Langkhon festival : মুখ্যমন্ত্ৰীৰ উপস্থিতিত তিৱা সংস্কৃতিৰ উখল-মাখলেৰে সামৰণি পৰিল ১৯ সংখ্যক লাংখন মহোৎসৱ

October 31, 2026
50
Dergaon Road accident : দেৰগাঁৱত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা
Assam

ধৰমতুলৰ ৰাষ্ট্ৰীয় ঘাইপথত শোকাৱহ দুৰ্ঘটনা, নিহত এজন গৃহৰক্ষী জোৱান

October 31, 2026
50
Grihamantri Dakshata Padak : অসমৰ ২৩ আৰক্ষী বিষয়া-জোৱানলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী দক্ষতা পদক
Guwahati

Grihamantri Dakshata Padak : অসমৰ ২৩ আৰক্ষী বিষয়া-জোৱানলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী দক্ষতা পদক

October 31, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Dhruv Rathi : ধ্ৰুৱ ৰাথীক পুনৰ আৰক্ষীৰ চমন, পুৰণি মানহানিৰ গোচৰত ৱাৰেণ্ট জাৰি দিল্লী আদালতৰ

Dhruv Rathi : ধ্ৰুৱ ৰাথীক পুনৰ আৰক্ষীৰ চমন, পুৰণি মানহানিৰ গোচৰত ৱাৰেণ্ট জাৰি দিল্লী আদালতৰ

October 31, 2026
Karbi Anglong Langkhon festival : মুখ্যমন্ত্ৰীৰ উপস্থিতিত তিৱা সংস্কৃতিৰ উখল-মাখলেৰে সামৰণি পৰিল ১৯ সংখ্যক লাংখন মহোৎসৱ

Karbi Anglong Langkhon festival : মুখ্যমন্ত্ৰীৰ উপস্থিতিত তিৱা সংস্কৃতিৰ উখল-মাখলেৰে সামৰণি পৰিল ১৯ সংখ্যক লাংখন মহোৎসৱ

October 31, 2026
Dergaon Road accident : দেৰগাঁৱত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা

ধৰমতুলৰ ৰাষ্ট্ৰীয় ঘাইপথত শোকাৱহ দুৰ্ঘটনা, নিহত এজন গৃহৰক্ষী জোৱান

October 31, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d