
আঢ়ৈ বছৰীয়া এটি শিশুকন্যা (Two and a half year old girl)ই শুই থকা অৱস্থাত বিছনা তিয়াই পেলায়। ভুলবশতঃ তেওঁ বিছনাত প্ৰস্ৰাৱ (Urine in bed) কৰে। ইয়াৰ বাবেই কন্যাশিশুটিয়ে প্ৰায় প্ৰতিদিনে কঠোৰ শাস্তি (Girl child is severely punished)ৰ সন্মুখীন হ’বলগীয়া হয়। শিশুটিৰ ওপৰত চৰম শাৰীৰিক নিৰ্যাতনৰ অভিযোগ উত্থাপন হৈছে পৰিচাৰিকাৰ বিৰুদ্ধে। আনকি তেওঁৰ যৌনাংগতো আঘাত কৰাৰ অভিযোগ (Allegations of injury to the genitals)।
সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, এই নৃশংস ঘটনা সংঘটিত হৈছে কেৰালাৰ তিৰুৱনন্তপুৰম (Thiruvananthapuram in Kerala)ত। চৰকাৰী শিশুগৃহত এগৰাকী আঢ়ৈ বছৰীয়া কন্যাশিশু ভয়াৱহ শাৰীৰিক নিৰ্যাতনৰ বলি হয়। এই গোচৰত কেৰালা ৰাজ্যিক শিশু কল্যাণ পৰিষদ (Kerala State Board of Child Welfare)ৰ তিনিগৰাকী পৰিচাৰিকাক আৰক্ষীয়ে গ্ৰেপ্তাৰ (Three attendants arrested) কৰে।

আৰক্ষীৰ সূত্ৰ অনুসৰি, শেহতীয়াকৈ আঢ়ৈ বছৰীয়া শিশুটিক নিয়মীয়া পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ লৈ যোৱা হয়। কিন্তু নাৰ্ছসকলে শিশুটিৰ যৌনাংগৰ চাৰিওফালে নখৰ আঁচোৰ পৰা লক্ষ্য কৰে। তেওঁৰ যৌনাংগত বেয়াকৈ ঘা হৈছে। ঘটনা সন্দৰ্ভত ততাতৈয়াকৈ আৰক্ষীক খবৰ দিয়া হয়। তদন্তত আৰক্ষীয়ে গম পায় যে শিশুটিক দৈনিক পৰিচাৰিকাসকলে শাৰীৰিকভাৱে নিৰ্যাতন চলাইছিল।
আৰক্ষীৰ জেৰাৰ সময়ত তিনিওগৰাকীয়ে স্বীকাৰ কৰে যে তেওঁলোকে শিশুটিক অত্যাচাৰ কৰিছিল। বিছনাত প্ৰস্ৰাৱ কৰাৰ বাবে শাস্তি দিছিল। আৰক্ষীয়ে তিনিওগৰাকীক গ্ৰেপ্তাৰ কৰি POCSOকে ধৰি ভাৰতীয় ন্যায় সংহিতাৰ একাধিক ধাৰাত গোচৰ ৰুজু কৰিছে।










