ASSAM TIMES POST, অজন্তা তালুকদাৰ, বোকাখাতঃ ভাৰতবৰ্ষৰ ৭৩ সংখ্যক স্বাধীনতা দিৱস উদযাপন ৰ প্ৰস্তুতি সম্পর্কে আলােচনা কৰিবৰ বাবে যোৱা ২৫ জুলাইত বোকাখাত মহকুমাধিপতিৰ কাৰ্যালয়ৰ সভা কক্ষত মহকুমাধিপতি বিবেক শ্যামৰ পৌৰহিত্যত এখনি ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয়।
সভাত মহকুমাধিপতি গৰাকীয়ে স্বাধীনতা দিবস উদযাপন কৰিবৰ বাবে উপস্থিত সকলোৰে মতামত গ্রহণ কৰাৰ লগতে স্বাধীনতা দিৱসৰ প্ৰতিটো কাৰ্যসূচী সফল্যমণ্ডিত কৰি তুলিবৰ বাবে সমূহ বােকাখাতবাসী ৰাইজৰ সহযােগিতা আন্তৰিকতাৰে কামনা কৰে।
বােকাখাত মহকুমা প্রশাসনে প্রতি বছৰৰ দৰে এই বছৰাে তিনিদিনীয়া কাৰ্যসূচীৰে স্বাধীনতা দিৱস উদযাপন কৰিব। সেয়েহে, স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি বােকাখাত মহকুমা প্রশাসনে ১২ আগষ্টৰ দিনা চাফাই অভিযান আৰু কুইজ প্রতিযােগিতা অনুষ্ঠিত কৰাৰ লগতে, ১৩ আগষ্টৰ দিনা চাইকেল ৰেলী আয়ােজন কৰিব।
আজিৰ এই ৰাজহুৱা সভাত সহকাৰী আয়ুক্ত শান্তনু গগৈ, বোকাখাত পৌৰসভাৰ সভানেত্রী চিত্রা কাদং, চক্ৰ বিষয়া (সংলগ্ন) শ্বাগুফতা আনজোম সোহেলী, মহকুমা আৰক্ষী বিষয়া কল্যাণ দাস, মহকুমা স্বাস্থ্য বিষয়া ডাঃ ভাৰত ফুকন, বােকাখাত মহকুমাৰ বিভিন্ন বিভাগৰ মুৰববী-বিষয়াকে প্রমূখ্য কৰি বােকাখাত মহকুমাৰ বিশিষ্ট তথা বয়ােজ্যেষ্ঠ নাগৰিক আৰু স্থানীয় সংবাদদাতাসকলাে উপস্থিত থাকে।













