ASSAM TIMES POST,বোকাখাতঃ মুখ্যমন্ত্ৰী বিশেষ বৃত্তি পৰীক্ষাৰ জলপানিৰ ধন আজিও নোসোমাল ছাত্র ছাত্ৰীৰ একাউণ্টত। ছাত্ৰ ছাত্ৰীক উৎসাহ যোগোৱাৰ উদ্দেশ্যে ২০১২ চনৰ পৰাই অনুষ্ঠিত হৈ অহা মুখ্যমন্ত্ৰী বিশেষ বৃত্তি পৰীক্ষাৰ উত্তীৰ্ণ সকলৰ জলপানিৰ ধন প্ৰহসনত পৰিনত হৈছে।
বেংক একাউণ্ট যোগে পাব লগিয়া জলপানিৰ বাবে উত্তীৰ্ণ ছাত্ৰৰ নামত টাৰ্ম ডিপ’জিত এডভাইচ যোগে পাঁচ হাজাৰ কৈ টকা জমা হয় আৰু ছয় বছৰৰ মুৰত সুদসহ ৭৮৫০ টকা পাব লাগে। কিন্তু সেই টকা পোৱাৰ ক্ষেত্ৰত বঞ্চিত হৈ আছে মেধাৱী শিক্ষাৰ্থী সকল। তথ্য অনুসৰি ৬ ডিচেম্বৰ ২০১৩ তাৰিখে ২০১২ চনৰ বৃত্তী পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্র ছাত্ৰীৰ নামৰ বিপৰীতে দিচপুৰ স্থিত ভাৰতীয় ষ্টেট বেঙ্কৰ শাখাত টাৰ্ম ডিপ’জিত এডভাইচ যোগে জমা হয়। উক্ত ধন ৰাশি ৮ ডিচেম্বৰ ২০১৮ তাৰিখত মেশ্ব্যুৰিটি পোৱাৰ তথ্য টাৰ্ম ডিপজিত ফৰ্মত উল্লেখ কৰি থোৱা আছিল।
উক্ত টাৰ্ম ডিপজিত এডভাইচ ৰ সংলগ্ন কপি ছাত্ৰ ছাত্ৰী সকলক দিয়া হৈছিল। কিন্তু আজি পযন্ত উক্ত জলপানিৰ ধন একাউণ্ট ত জমা নোহোৱাত সন্দিহান হৈ পৰিছে বিদ্যাৰ্থী সকলৰ লগতে অভিভাৱক সকল। আনহাতে উক্ত বিষয়ত সংশ্লিষ্ট বিভাগৰ লগতে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ কামনা কৰিছে সচেতন ৰাইজে।













