ASSAM TIMES POST,গোলাঘাটঃ শাওণৰ পথাৰত কঠীয়া তোলাত ব্যস্ত এগৰাকী ৰাজনীতিক ৷ বানাক্ৰান্ত কৃষক ৰাইজৰ মাজত এতিয়া কঠীয়াৰ বাবে হাহাকাৰ লগাৰ সময়তে ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী তথা প্ৰাক্তন বিধায়িকা বিস্মিতা গগৈয়ে নিজে পুৱাৰে পৰা খুমটাইৰ ঢেকীয়ালত কঠীয়া তুলি বানাক্ৰান্তসকলক যোগান ধৰিব ৷ প্ৰাক্তন বিধায়িকাগৰাকীৰ লগত খুমটাইৰ একাংশ পুৰুষ-মহিলাই হাতে কামে লাগি বানাক্ৰান্তসকললৈ কঠীয়া তোলাত ব্যস্ত হয় ৷ উল্লেখ্য যে গোলাঘাট জিলাৰ কেইবাখনো গাঁৱত বানৰ বিভীষিকাই বহুতৰে খেতি পথাৰ নষ্ট কৰিছিল ৷ যিসময়ত বানে সমগ্ৰ অসমত বিভীষিকাৰ সৃষ্টি কৰিছে তেনে সময়ত প্ৰাক্তন বিধায়িকাগৰাকীৰ এনে পদক্ষেপক এতিয়া সমগ্ৰ অঞ্চলবাসীয়ে প্ৰশংসা কৰাৰ লগতে ধন্যবাদ জনাইছে ৷













