নতুন দিল্লীঃ শিশু নিগ্ৰহ সংক্ৰান্তীয় গোচৰৰ বিচাৰৰ বাবে পৃথক আদালত গঢ়িবলৈ দেশৰ উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিছে৷ সমগ্ৰ দেশতে পকছো আইনৰ অধীনত শতাধিক গোচৰ ৰুজু হৈ আছে৷ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বতাধীন বিচাৰপীঠে আজি জনায় যে অহা দুমাহৰ ভিতৰত বিশেষ শিশু আদালত স্থাপন কৰি সকলো গোচৰৰ শুনানি আৰম্ভ কৰা হ’ব৷
শিশু নিৰ্যাতনৰ গোচৰসমূহ বিচাৰৰ কাৰণে প্ৰশিক্ষিত আৰু সংবেদনশীল আইনজীৱীক কেন্দ্ৰই নিয়োগ কৰিব৷ কেন্দ্ৰীয় অনুদানেৰে এই আদালতসমূহ স্থাপন কৰা হ’ব৷ অৰ্থাৎ প্ৰিজাইদিং অফিচৰৰ দৰমহাৰ পৰা আৰম্ভ কৰি আদালতত শিশুবান্ধৱ পৰিবেশ গঢ়ি তুলিবৰ বাবে যি প্ৰয়োজন সেয়া সকলো খৰচ কৰিব কেন্দ্ৰই৷ ছলিছিটৰ জেনেৰেল তুষাৰ মেহতাক এই দিশটো লক্ষ্য কৰি চাৰি সপ্তাহৰ ভিতৰত প্ৰতিবেদন জমা দিবলৈ আদালতে নিৰ্দেশ দিছে৷













