ASSAM TIMES POST
আছিফ আলি: সমগ্ৰ দেশৰ লগতে শিৱসাগৰতো আজি ৭১ সংখ্যক গণৰাজ্য দিৱস বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয়৷ ঐতিহ্যমণ্ডিত শিৱসাগৰ নগৰৰ ঐতিহাসিক বৰ্ডিং খেলপথাৰত শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত কেন্দ্ৰীয় ভাবে অনুষ্ঠিত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে অসম চৰকাৰৰ নৱনিযুক্ত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা (স্বতন্ত্ৰ) আৰু গডকাপ্তানী বিভাগৰ ৰাজ্যিক মন্ত্ৰী যোগেন মহনে৷ গণৰাজ্য দিৱস উপলক্ষে মন্ত্ৰী গৰাকীয়ে আৰক্ষী, অৰ্ধসামৰিক বাহিনী, স্কাউট গাইড, এনচিচিৰ অভিবাদন গ্ৰহণ কৰি নিজৰ ভাষণত দেশৰ স্বাধীনতাৰ বাবে প্ৰাণ আহুতি দিয়া শ্বহীদ আৰু সংগ্ৰামী সকললৈ গভীৰ শ্ৰদ্ধাঞ্জলি প্ৰদান কৰে আৰু বিগত সময়ত বি জে পি চৰকাৰে লাভ কৰা সফলতাৰ খতিয়ান দাঙি ধৰে।

ৰাজ্যিক মন্ত্ৰী যোগেন মহনে দেশৰ প্ৰগতি আৰু উন্নয়নৰ বাবে প্ৰতিজন নাগৰিকে দায়িত্ব গ্ৰহণ কৰিব লাগিব বুলি প্রকাশ কৰে। আনহাতে আগন্তুক মাৰ্চ মাহৰ ভিতৰতে অবিভক্ত শিৱসাগৰ জিলাত নতুন মেডিকেল কলেজ স্থাপনৰ কাম আৰম্ভ কৰা হব বুলি মন্ত্ৰী যোগেন মোহনে ঘোষণা কৰে। ভাষণত ৰাজ্যিক মন্ত্ৰী যোগেন মহনে অসমৰ স্বাৰ্থত কোনো ধৰণৰ আপোচ কৰা নহব বুলি উল্লেখ কৰি অসমীয়াই শীঘ্ৰে সাংবিধানিক ৰক্ষা কৱচ লাভ কৰিব বুলি মন্তব্য কৰে। মন্ত্ৰী গৰাকীয়ে অসম চুক্তিৰ ৬ নং দফা শীঘ্ৰে কাৰ্যকৰী কৰা, শীঘ্ৰেই ছয় জনগোষ্ঠীৰ জনজাতিকৰণ কৰা, জাতি, মাটি, ভেটিৰ ৰক্ষাৰ সংকল্প দোহাৰি ৰাজ্যিক মন্ত্ৰী গৰাকীয়ে অহা ২৮ জানুৱাৰীত ৰাজ্যৰ ৪০ হাজাৰ খিলঞ্জীয়া ভূমিহীন লোকক ভূমি পট্টা প্ৰদান কৰাৰ কথা উল্লেখ কৰে।
ইয়াৰে শিৱসাগৰ জিলাৰ ২০০০ খিলঞ্জীয়া ভূমিহীন লোকক ভূমি পট্টা প্ৰদান কৰা হব বুলি উল্লেখ কৰে। ৰাজ্যৰ সত্ৰ সমূহ বেদখল মুক্ত কৰাৰ বাবে ৰাজ্য চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব। ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰৰ উন্নয়নৰ বাবে ২৫ কোটি টকাৰ পুঁজি আবন্টন দিয়া হৈছে বুলি প্ৰকাশ কৰে। চাহ জনজাতিৰ লোকৰ বাবে ভূমিৰ পট্টা, শিক্ষা, স্বাস্থ্য আৰু সংস্থাপনৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰা হৈছে বুলি নিজৰ ভাষণত উল্লেখ কৰে ৰাজ্যিক মন্ত্ৰী যোগেন মোহনে।
শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত বৰ্ডিং খেলপথাৰত অনুষ্ঠিত গণৰাজ্য দিৱসৰ অনুষ্ঠানত শিৱসাগৰ পৌৰসভা, জিলা পৰিবহণ বিভাগ, আদিৰ লগতে অসমৰ গৌৰৱ মুখাশিল্প তথা আন ভালেমান আকৰ্ষণীয় প্ৰতীকপট প্ৰদৰ্শন কৰা হয়। অনুষ্ঠানত বহুকেইটা সাংস্কৃতিক দলে বাৰেৰহনীয়া কাৰ্যসূচী পৰিবেশন কৰে৷ গণৰাজ্য দিৱসৰ অনুষ্ঠানত শিৱসাগৰ জিলা প্ৰশাসনে অৰ্জুন বঁটা বিজয়ী খেলুৱৈ ভোগেশ্বৰ বৰুৱা, সংগীত নাটক একাডেমী বঁটা বিজয়ী বিশিষ্ট মুখা শিল্পী ৰেবকান্ত মহন্ত আৰু ৭০ উৰ্দ্ধৰ মহিলা খেলুৱৈ মুহিত্ৰী সন্দিকৈক বিশেষ ভাৱে সম্বৰ্ধনা জনায়।













