ASSAM TIMES POST,বেংগালুৰুঃ শুকুৰবাৰে সন্ধিয়া ৬ বজাত কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ৰাজ্যখনৰ বিজেপিৰ মুৰব্বী বি এছ য়েডিয়ুৰাপ্পাই। সেয়ে হ’লে কৰ্ণাটকত চতুৰ্থবাৰৰ বাবে মুখ্যমন্ত্ৰী হ’ব য়েডিয়ুৰাপ্পা। এইচ ডি কুমাৰাস্বামী নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰখনে বিধানসভাৰ মজিয়াত আস্থা ভোটত পৰাজয় বৰণ কৰাতে য়েডিয়ুৰাপ্পাৰ ভাগ্য উদয় হয়। য়েডিয়ুৰাপ্পাই শপত লোৱাৰ লগে লগে তেওঁ হৈ পৰিব কৰ্ণাটকৰ ১৯ সংখ্যক মুখ্যমন্ত্ৰী। ইপিনে ৩১ জুলাইত সদনত য়েডিয়ুৰাপ্পাৰ শক্তিপৰীক্ষা অনুষ্ঠিত হ’ব।













