
সমগ্ৰ ৰাজ্যবাসীয়ে মাঘবিহুৰ উৰুকাক লৈ ব্যস্ত হৈ থকাৰ সময়তে এক দুঃসংবাদ। জনপ্ৰিয় কণ্ঠশিল্পী ৰাজীৱ শদিয়া (Singer Rajeev Sadia)ৰ অকাল বিয়োগ (Premature demise)। এইগৰাকী জনতাৰ শিল্পীৰ অকাল মৃত্যুৱে সমগ্ৰ অসমতে শোকৰ ছাঁ (shadow of mourning in Assam) পেলাইছে। ভোগৰ ভোগালীৰ উৰুকাৰ সময়তে অসমৰ সাংস্কৃতিক জগতৰ এই অপূৰণীয় ক্ষতিৰ খবৰে সকলোকে ম্ৰিয়মাণ কৰি তুলিছে৷ ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাতে সোমবাৰে ইহলীলা সম্বৰণ কৰে কণ্ঠশিল্পী ৰাজীৱ শদিয়াই।

উল্লেখ্য যে দেওবাৰে তিনিচুকীয়াৰ দুৱাৰমৰাৰ এক অনুষ্ঠানত গীত পৰিবেশন কৰি থকাৰ সময়তে হঠাতে ঢলি পৰিছিল শিল্পীগৰাকী। কেৱল সেয়াই নহয় তেওঁ অসুস্থ হৈ মঞ্চৰ পৰা তললৈ বাগৰি পৰে। তাৰ পিছত অসুস্থ ৰাজীৱ শদিয়াক ততাতৈয়াকৈ ৰূপাইৰ এখন ব্যক্তিগত নাৰ্ছিংহোমত ভৰ্তি কৰোৱা হয়।
কিন্তু তেওঁৰ স্বাস্থ্যৰ গুৰুতৰ অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি লৈ উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়৷ তেওঁৰ হৃদক্ৰিয়া বন্ধ হোৱাত তাত আই চি ইউত ভৰ্তি কৰোৱা হয়। কিন্তু ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ৰ জ্যেষ্ঠ চিকিৎসকৰ এটা দলে আপ্ৰাণ চেষ্টা কৰিলেও জীয়াই নাথাকিল এক প্ৰবল জাতীয়তাবাদী কণ্ঠ ৰাজীৱ শদিয়া।













