নিউজ ডেস্কঃ
অসমীয়া হেঁপাহৰ বাপুতিসাহোন মাঘবিহুলৈ মাজত আৰু এটা দিন বাকী।সমগ্ৰ ৰাজ্যবাসীৰ এতিয়া ব্যস্ত ভোগৰ উৎসৱ ভোগালীক আদৰাত।ৰাজ্য ভিন্ন প্ৰান্তৰ লগতে মহানগৰীৰ দিছপুৰ প্ৰেছ ক্লাবতো আয়োজন কৰা হৈছে ভোগালী।
দিছপুৰ প্ৰেছ ক্লাবৰ বাকৰিত আয়োজন কৰা মাঘবিহু প্ৰাক সন্ধিয়া মঙলবাৰে ভোগালীক আদৰণি, গীতে-মাতে একসন্ধিয়া শীৰ্ষক সাংস্কৃতিক কাৰ্যসূচী পালন কৰা হ’ব।
আবেলি ৫ বজা পৰা আৰম্ভ হ’ব লগা অনুষ্ঠানত উপস্থিত থাকিব বহু সংখ্যক কণ্ঠশিল্পী, অভিনেতা- অভিনেত্ৰী লগতে সন্মানীয় ব্যক্তি সকল।
মাঘবিহুৰ পৰম্পৰা ৰক্ষা কৰি দিছপুৰ প্ৰেছ ক্লাবৰ বাকৰিত নিৰ্মান কৰা হৈছে ভেলাঘৰ- মেজি।