![]()
শনিবাৰে বিয়লি চাৰে তিনি বজাত খটখটী থানা (Khatkhati Police Station) অন্তৰ্গত নিৰ্মল কুমাৰ চাহ বাগান বস্তি (Nirmal Kumar Tea Garden)ত সংঘটিত হয় ভয়ঙ্কৰ অগ্নিকাণ্ড ৷ উক্ত অগ্নিকাণ্ড (Fire)টোত চাহ বাগান বস্তিৰ ৩৫ টা ঘৰ জ্বলি কেইবালক্ষ্যাধিক টকাৰ সা-সম্পত্তি ভস্মীভূত হয় ৷ বিকট শব্দৰে প্ৰায় ১৫ টা ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰণ (Cylinder explosion) হয় ৷

জানিব পৰা মতে আলাই উদ্দিন নামৰ লোকজনৰ ঘৰত বৈদ্যুতিক চৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডটো সংঘটিত হয়৷ইফালে অগ্নিকাণ্ডৰ খবৰ লাভ কৰি চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ ডিমাপুৰ আৰু বোকাজানৰ পৰা অহা ৬ টাকৈ অগ্নি নিৰ্বাপনৰ বাহন পানী ঢালি জুই অইন ঠাইলৈ সম্প্ৰসাৰণ হোৱাৰ ৰক্ষা কৰে৷ উক্ত অগ্নিকাণ্ডৰ ফলত এলেকাটোৰ ৰাউজৰ মাজত হাহাকাৰৰ সৃষ্টি হয়৷











